WATCH | Rajiv Gandhi death anniversary : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুতিথি
নিউজ ডেস্ক,২১মে’ : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুতিথি। ১৯৯১ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ (Rajiv Gandhi death)। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকীত দেশবাসীয়ে তেওঁক স্মৰণ কৰে । পুৱাই ৰাষ্ট্ৰীয় ৰাজধানীৰ বীৰ ভূমিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধীয়ে(Rajiv Gandhi death anniversary)।
উল্লেখ্য যে ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনত তেওঁৰ মাতৃ আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পাছতে দেশৰ দায়িত্ব গ্ৰহণ কৰিছিল । ১৯৮৪ চনৰ অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ ৪০ বছৰ বয়সত ভাৰতৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈছিল । তেওঁ ১৯৮৯ চনৰ ২ ডিচেম্বৰলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
১৯৪৪ চনৰ ২০ আগষ্টত জন্মগ্ৰহণ কৰা ৰাজীৱ গান্ধীক ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত এক নিৰ্বাচনী জনসভাৰ সময়ত লিবাৰেচন টাইগাৰ্ছ অৱ তামিল ইলাম (এলটিটিই)ৰ আত্মঘাতী বোমাৰুৱে হত্যা কৰিছিল।