নৈৰ পাৰত হাত দাঙি ক’লে ‘আল্লা আমাক ৰক্ষা কৰক’
নিউজ ডেস্ক: নৈৰ পাৰত আল্লাহৰ ওচৰত দোৱা কৰি শোকত ভাগি পৰিছে এইসকল লোক৷ গৰৈমাৰীৰ বিহাপাৰা কলহী নৈৰ পাৰত খহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ ওচৰত সমূহীয়া দোৱা কৰিছে পৰীয়া ৰাইজে৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ বিহাপাৰাবাসীয়ে খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰ তথা নেতাৰ বপিৰীতে আল্লাহৰ ওচৰত দোৱা কৰে৷ উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাধীন বিহাপাৰাত কলহী নৈয়ে ৰুদ্ৰৰূপ ধাৰণ কৰিছে। যাৰ ফলত চপৰা চপৰে খহিছে কলহীৰ পাৰ। ভেটি মাটি খেতি পথাৰ বিলিন হৈছে কলহীৰ বুকুত। কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কৰ। হাতীপাৰা গাঁও পঞ্চায়তৰ বিহাপাৰা গাঁৱৰ প্ৰায় ৩৩টা পৰিয়াল খহনীয়াৰ কৱলত পৰি ভেটি মাটি হেৰুৱাই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত উপায়বিহীন ৰাইজে আজি আল্লাহ তথা ভগৱানৰ ওচৰত শৰনাপন্ন হৈ দোৱা-প্ৰাৰ্থনা কৰিবলৈ বাধ্য হৈছে৷