MPLAD Scam : ACS সুকন্যা বৰাৰ ঘৰত CM ভিজিলেন্সৰ অভিযান
নিউজ ডেস্ক, ১২ডিচেম্বৰ : ACS সুকন্যা বৰাৰ ঘৰত CM ভিজিলেন্সৰ অভিযান । গুৱাহাটীৰ গান্ধীবস্তিৰ ঘৰত অভিযান CM ভিজিলেন্সৰ(MPLAD Scam) ।
উল্লেখ্য যে, সাংসদ পুঁজিৰ কেলেংকাৰীৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ACS সুকন্যা বৰা ।সাম্প্ৰতি বৰ্তমান কাৰাৰুদ্ধ হৈছে ACS বিষয়া গৰাকী । কাৰাৰুদ্ধ থকাৰ সময়তে আজি গান্ধীবস্তিৰ ঘৰত অভিযান CM ভিজিলেন্সে অভিযান চলাই । আয় বহিৰ্ভূত সম্পত্তিৰ বিৰুদ্ধে চলিছে অভিযান(CM’s Vigilance Team Raids ACS Sukanya Borah’s Residence)।
লক্ষণীয় য়ে , কামৰূপ মেট্ৰ’ৰ অতিৰিক্ত জিলা উপায়ুক্ত সুকন্যা বৰাক চলিত বৰ্ষৰ মাৰ্চ মাহত সংসদৰ সদস্যৰ স্থানীয় এলেকা উন্নয়নৰ পুঁজিৰ অধীনত কাম-কাজ নিষ্পাদনত হোৱা অনিয়মৰ অভিযোগত নিলম্বন কৰা হৈছিল। মে’ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ সন্দৰ্ভতসুকন্যা বৰাক আগজাননীমূলক জামিন আবেদন খাৰিজ কৰিছিল(Raid Conducted by Chief Minister’s Vigilance Cell at Suspended ACS Officer’s Residence in MPLAD Scam Probe)।
সূত্ৰ অনুসৰি বৰপেটাৰ এটা পথ নিৰ্মাণৰ বাবে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ এমপিএলএডি পুঁজিৰ পৰা ধন আবণ্টন দিয়া হৈছিল। কিন্তু ৭৫ শতাংশ কাম সম্পূর্ণ নোহোৱাকৈয়ে বিধেয়কখন প্রকাশ কৰে৷ মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স কোষে তদন্ত চলোৱাত এই কেলেংকাৰী পোহৰলৈ আহে য’ত ৭৫ শতাংশ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে নিলম্বিত চাৰিজন বিষয়াই বিধেয়কখনত স্বাক্ষৰ কৰা বুলি জানিব পৰা গৈছে।
ছেপ্টেম্বৰ মাহত অসমৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাণী নৰাহক পুঁজি কেলেংকাৰীৰ সৈতে সম্পৰ্ক থকাৰ বাবে তদন্তকাৰী সংস্থাই তলব কৰিছিল। যোৰহাটত হেণ্ড পাম্প স্থাপনৰ বাবে লাভ কৰা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ACS সুকন্যা বৰাৰ বিৰুদ্ধে ।
লগতে পঢ়ক : Man Arrested For Attacking Wild Elephants : বন্যহস্তীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এজন লোকক