Local, Vocal, Global

Rahul Gandhis visit to assam has been criticized by the CM of assam : ৰাহুল গান্ধীয়ে কিয় প্ৰৱেশ নকৰিলে কামাখ্যা, মাধৱ মন্দিৰ, পোৱামক্কা, ভূপেন হাজৰিকাৰ সমাধিত – মুখ্যমন্ত্ৰী

নিউজ ডেস্ক, ২৪ জানুৱাৰী : কাইলৈ অসমত অন্ত পৰিব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’। অসমৰ উজনিৰ পৰা নামনিলৈ ভাৰত জোড়ো ন্যায় যাত্ৰাত। ১৮ জানুৱাৰীত অসমৰ হালোটিঙৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা আৰু কাইলৈ ধুবুৰী অন্ত পৰি ৰাহুলৰ অসম যাত্ৰা। কাইলৈ পশ্চিম বংগত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই(Rahul Gandhis visit to assam has been criticized by the CM of assam)।

ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিলে খতিয়ান । অসম ভ্ৰমণ কৰি ৰাহুল গান্ধীয়ে ক’ত ক’ত প্ৰৱেশ নকৰিলে তাক লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক’লে সবিশেষ । কামাখ্যা, মাধৱ মন্দিৰ, পোৱামক্কা, ভূপেন হাজৰিকাৰ সমাধিৰ স্থল লগতে বৰপেটা সত্ৰৰ কিয় প্ৰৱেশ নকৰিলে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma) ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ‘‘ ৰাহুল গান্ধীয়ে বটদ্ৰৱাত থানত সোমাবলৈ হূলস্থুল কৰিছিলে, কিন্তু ৰাহুল গান্ধীয়ে ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেৰে পাৰ হৈ গ’ল কিন্তু তাত ১ মিনিট সময়ো ৰৈ নিদিলে। ৰাহুল গান্ধীয়ে হাজোৰ পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখেৰে পাৰ হৈ গ’ল কিন্তু তাত অলপো সময় ৰৈ নিদিলে। ৰাহুল গান্ধীয়ে কামাখ্যা মন্দিৰটো এক মিনিট সময় ৰৈ নিদিলে। বৰপেটা সত্ৰৰ সন্মুখেৰেও ৰাহুল গান্ধী পাৰ হৈ গৈছিল তাতো ৰৈ নিদিলে। ৰাহুল গান্ধীয়ে যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধা কৰিলে হৈ তেন্তে বৰপেটা সত্ৰ আৰু পাটবাউসী সত্ৰত ৰৈ দিলে হৈ। ৰাহুল গান্ধীয়ে যদি হিন্দু ধৰ্মক বিশ্বাস কৰে তেন্তে মা কামাখ্যা মন্দিৰত সোমাই যাব পাৰিলে হৈ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ উদ্দেশ্য আছিল গোটেই অসমত অশান্তিৰ সৃষ্টি কৰা(Rahul Gandhis visit to assam has been Criticized by the Chief Minister of assam)।’’

লগতে পঢ়ক : Road Accidemnt in  Mangaldoi : এক হৃদয় বিদাৰক দৃশ্য ; একেলগে জ্বলিল মাতৃ-পুত্ৰৰ চিতা