Local, Vocal, Global

Rahul Gandhi’s Bharat Jodo Nyay Yatra takes place in Chhattisgarh : ছত্তীশগড়ত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী : অব্যাহত আছে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা । আজি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ছত্তীশগড়ত উপস্থিত হয় । ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰা ওড়িশাৰ ঝাৰচুগুড়া হৈ ছত্তীশগড় সীমান্তৰ ৰায়গড় জিলাৰ ৰেঙ্গলপালিত উপস্থিত হয় । ওড়িশা কংগ্ৰেছৰ সভাপতি শৰত পাটনায়কে ছত্তীশগড় কংগ্ৰেছৰ সভাপতি দীপক বৈজক ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পতাকা প্ৰদান কৰে (Rahul Gandhi’s Bharat Jodo Nyay Yatra takes place in Chhattisgarh) ।

ছত্তীশগড়ত উপস্থিত হৈ ৰাহুল গান্ধীয়ে সভা সম্বোধন কৰে । এই সভাত ৰাহুল গান্ধীয়ে কয়, “যেতিয়া ভাৰত জোড়ো যাত্ৰা সমাপ্ত হৈছিল, মানুহে মোক কৈছিল যে আপুনি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছে, কিন্তু বাদ পৰা বাকী ৰাজ্যবোৰৰ কি হ’ব । আমি তেতিয়া মণিপুৰৰ পৰা এই ন্যায় যাত্ৰা আৰম্ভ কৰোঁ(Bharat Jodo Nyay Yatra) ।”
লগতে ৰাহুল গান্ধীয়ে কয় কংগ্ৰেছ নেতাজনে কয়, “বিজেপিৰ কাম কেৱল অন্যায়, হিংসা আৰু ঘৃণা বিয়পোৱা । দেশৰ মানুহৰ সৈতে অৰ্থনৈতিক অন্যায় আৰু সামাজিক অন্যায় হৈ আছে । ভাৰতৰ ডাঙৰ উদ্যোগপতিসকলে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰে আৰু সেইবোৰ আপোনালোকক বিক্ৰী কৰে । ইয়াৰ ফলত চীন ধনী হয়, চীনৰ যুৱক-যুৱতীসকলে নিযুক্তি লাভ কৰে । মূল্যবৃদ্ধি হ’লে সমস্যা আপোনালোকৰে হয় । আদানি আৰু মোদীৰ এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই । অৰ্থাৎ আপোনালোকৰ প্ৰতি অৰ্থনৈতিক অন্যায় কৰা হৈছে, যিটো আপোনালোকে দেখা পোৱা নাই ।”

আনহাতে, প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয়, “মই যেতিয়া জাতিগত লোকপিয়ল আৰু সামাজিক ন্যায়ৰ কথা কৈছিলোঁ, তেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল– দেশত মাত্ৰ দুটা জাতি আছে: ধনী আৰু দৰিদ্ৰ । যদি দুটা জাতিয়ে আছে, তেন্তে আপুনি কি ? আপুনি দৰিদ্ৰ নহয় ! আপুনি কোটি টকাৰ শ্বুট পিন্ধে । দিনত কেইবাবাৰো কাপোৰ সলনি কৰে । তাৰ পিছত মিছা কয় যে মই এজন অ’বিচি শ্ৰেণীৰ মানুহ ।”

লগতে পঢ়ক : Massive Fire Erupts In Ganeshguri Shopping Complex : মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড;জুইত জাহ গ’ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান