Rahul Gandhi replies to Modis speech : আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি মণিপুৰৰ চকুলো মচিম, প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ ৰাহুল গান্ধীৰ
নেশ্যনেল ডেস্ক, ২৫ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী মৰ্চাক লৈ কটাক্ষ কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi replies to Modis speech)। নতুন বিৰোধী মিত্ৰজোঁট INDIA (Indian National Developmental Inclusive Alliance) সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবী জনাইছে INDIA ৰ সাংসদসকলে । মঙলবাৰে পুৱা গ্ৰীষ্মকালীন অধিৱেশনৰ চতুৰ্থ দিন আৰম্ভ হোৱাৰ পূৰ্বে মোদীয়ে সংসদ ভৱনত বিজেপি সংসদীয় দলৰ বৈঠকত নিষিদ্ধ দুটা উগ্ৰপন্থী গোট ‘ভাৰতীয় মুজাহিদীন’ আৰু ‘ভাৰতৰ জনপ্ৰিয় মৰ্চাৰ’ৰ সৈতে ‘INDIA’ৰ তুলনা কৰিছিল । ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰসংগও উত্থাপন কৰে নৰেন্দ্ৰ মোদীয়ে । তেওঁ বিৰোধী মৰ্চা ইণ্ডিয়াক তাচ্ছিল্য কৰি কৈছিল যে, ‘ইণ্ডিয়া’ নাম থাকিলেই একো নহয় । ইষ্ট ইণ্ডিয়া কোম্পানী, ইণ্ডিয়ান নিজামুদ্দিনতো ‘ইণ্ডিয়া’ নাম আছে ।
ইয়াৰ প্ৰত্যুত্তৰতে মঙলবাৰে ৰাহুল (Rahul Gandhi replies to Modis speech) টুইটাৰত লিখিছে যে , “মোডী ডাঙৰীয়া, আপুনি আমাক যি নামেৰেই নামাতক লাগিলে, আমি INDIA’। আমি মণিপুৰৰ ঘাঁ ভাল কৰাত সহায় কৰিম, প্ৰতিগৰাকী মহিলা আৰু শিশুৰ চকুলো মচিম । আমি মানুহৰ মাজত শান্তি আৰু প্ৰেম পুনৰ ঘূৰাই আনিম। আমি মণিপুৰত ভাৰতীয়ত্বৰ মনোভাৱ পুনৰ নিৰ্মাণ কৰিম।”
উল্লেখ্য যে, মোডীৰ উক্ত মন্তব্যৰ বিৰোধিতা কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ লগতে অন্য নেতাইও কৰিছে। বিৰোধীয়ে সদনত মণিপুৰৰ বিষয়ে আলোচনাৰ দাবী কৰিছে । লগতে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্যৰ দাবী কৰিছিল। কিন্তু শাসকীয় পক্ষই কৈছিল যে, মণিপুৰ সন্দৰ্ভত মোডী নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিব।
লগতে পঢ়ক : MP official swallows bribe money : এগৰাকী চৰকাৰী বিষয়াৰ আজব কাণ্ড, চোবাই চোবাই গিলিলে ৯ খন ৫০০ টকীয়া নোট