Rahul Gandhi Attacks Centre Again : ৰঙা চীনৰ নতুন মানচিত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ ; এয়া অত্যন্ত গভীৰ বিষয় : ৰাহুল গান্ধী
নেশ্যনেল ডেস্ক, ৩০আগষ্ট : শেহতীয়াভাৱে চীনে প্ৰকাশ কৰিছে ২০২৩ বৰ্ষৰ মানচিত্ৰ। আৰু এই মানচিত্ৰত চীনে অৰুণাচল প্ৰদেশ আৰু আকছাইকে ধৰি দুয়োখন দেশৰ মাজৰ কেবাখনকো নিজৰ মানচিত্ৰখনত স্থান দিয়া বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা(Rahul Gandhi Attacks Centre Again) ৷
বুধবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে লাডাখত চীনে ভাৰতৰ ভূখণ্ড “আক্ৰমণ” কৰা সন্দৰ্ভত পুনৰবাৰ নিজৰ দাবী উত্থাপন কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে শেহতীয়া সংস্কৰণৰ ‘মানক মানচিত্ৰ’ত অৰুণাচল প্ৰদেশ আৰু আক্সাই চিনকে ধৰি চীনৰ বিষয়টোক নিজৰ ভূখণ্ডৰ অংশ হিচাপে অভিহিত কৰে।
চীনৰ সংবাদ সংস্থা গ্ল’বেল টাইমছে প্ৰকাশ কৰা এক বাতৰি সন্দৰ্ভটো পুনৰ সৰৱ হৈ উঠে কংগ্ৰেছ দলে ৷ দিল্লী বিমানবন্দৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, “মই বহু বছৰ ধৰি এই কথা কৈ আহিছো ৷ মই মাত্ৰ লাডাখৰ পৰা উভতি আহিছো(Rahul Gandhi Reiterates China Has Snatched India Land) ৷
লগতে ৰাহুল গান্ধীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে দাবী কৰি আহিছে যে ভাৰতৰ এক ইঞ্চিও মাটি ৰঙা চীনৰ দখললৈ যোৱা নাই ৷ এয়া সম্পূৰ্ণ মিছা ৷”
কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে ৰঙা চীনে ভাৰতীয় ভূমিত “অনুপ্ৰৱেশ” কৰিছে বুলি জ্ঞাত লাডাখৰ জনসাধাৰণ(Rahul Gandhi Attacks modi Reiterates China Has Snatched India Land) ।
ৰঙা চীনে অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক নতুন মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত ANI ৰ আগত কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়, “মানচিত্ৰৰ প্ৰশ্নটো অতি গুৰুতৰ ।ৰঙা চীনে আমাৰ ভূমি দখল কৰিছে । এই বিষয়টোৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে মন্তব্য আগবঢ়াব লাগে ।”
কংগ্ৰেছৰ সাংসদগৰাকীয়ে দাবী উত্থাপন কৰে যে, স্থানীয় লোকসকলেও ভাৰতৰ ভূখণ্ড চীনা সৈন্যই প্ৰৱেশ কৰি দখল কৰা বুলি তেওঁৰ আগত অৱগত কৰে । স্থানীয় লোকৰ উদ্ধৃতিৰে কংগ্ৰেছ সাংসদগৰাকীয়ে কৈছিল, ” ৰঙা চীনে আমাৰ মাটি দখলৰ বাবে স্থানীয় লোক চিন্তিত । তেওঁলোকে দাবী কৰিছে যে চীনৰ সৈন্যই তেওঁলোকৰ চৰণীয়া পথাৰৰ ভূমি কাঢ়ি লৈ গৈছে । অৱশ্যে প্ৰধানমন্ত্ৰীয়ে দাবী কৰি আহিছিল যে এক ইঞ্চিও ভুমি ৰঙা চীনে কাঢ়ি লোৱা নাই । এইটো সঁচা নহয়, ইয়াত যিকোনো ব্যক্তিক সুধিব পাৰে, “কংগ্ৰেছ নেতাগৰাকীয়ে কয় ।”
অৱশ্যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কৰা এই দাবী সন্দৰ্ভত ২৫ আগষ্টৰ দিনা বিজেপি নেতৃত্বই এই অভিযোগক নস্যাৎ কৰিছিল ৷ ইয়াৰ পিচতে চীনৰ ‘আদৰ্শ মানচিত্ৰ’ত দুয়োখন দেশৰ বিবদমান সীমাৰ অন্তৰ্ভুক্তিয়ে লাভ কৰিছে বিশেষ তাৎপৰ্য ৷
লগতে পঢ়ক :Manipur Assembly : বহু প্ৰতীক্ষাৰ অন্ত আজি মণিপুৰত এদিনীয়া বিধানসভা অধিবেশন