Local, Vocal, Global

Rahul Gandhi postpones trip to SE Asia : ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এসপ্তাহজোৰা বিদেশ ভ্ৰমণ বাতিল

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : বাতিল ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণ। ৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দক্ষিণ-পূব এছিয়াৰ দেশ এসপ্তাহজোৰা ভ্ৰমণ বাতিল কৰে । নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে এই ভ্ৰমণৰ পৰিকল্পনা কৰিছিল ৰাহুল গান্ধীয়ে(Rahul Gandhi postpones trip to SE Asia)।

উল্লেখ্য যে, নিৰ্বাচনত ৪ খন ৰাজ্যতে বিধ্বস্ত হোৱা কংগ্ৰেছক বিপৰ্যয়ৰ সময়ত এৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশ ভ্ৰমণলৈ উলোৱা ৰাহুল গান্ধীয়ে ভ্ৰমণ বাতিল কৰি সংসদত উপস্থিত থকাৰ লগতে দলীয় বৈঠকতো অংশগ্ৰহণ কৰে। ইণ্ডোনেছিয়া, ছিংগাপুৰ, মালয়েছিয়া ভ্ৰমণৈ সাজু হৈছিল কংগ্ৰেছৰ যুৱৰাজ(Rahul Gandhi postpones trip to south-east Asia) ।

শুকুৰবাৰে বিদেশ ভ্ৰমণৰ কথা আছিল ৰাহুল গান্ধীৰ আৰু ১৫ ডিচেম্বৰত দিল্লীলৈ উভতাৰ কথা আছিলে ।

প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বে ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণৰ বাবে কেনেদৰে সাজু হৈছে সেই কথা প্ৰকাশ পাইছিল। ৮ ডিচেম্বৰত কংগ্ৰেছ সাংসদগৰাকী ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ কথা আছিলে ।

কিন্তু ৰাহুল গান্ধীৰ শুকুৰবাৰে বিদেশ যাত্ৰ বাতিল কৰি ৮ ডিচেম্বৰত সংসদত উপস্থিত থাকে।শুকুৰবাৰে ৰাহুল গান্ধী উপস্থিত থাকিল সংসদৰ শীতকালীন অধিৱেশনত।

উল্লেখ্য যে ৮ ডিচেম্বৰত ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ কথা আছিল ৰাহুল গান্ধী। তাৰ পাছত তেওঁ ক্ৰমে ছিংগাপুৰ আৰু মালয়েছিয়ালৈ যোৱাৰ কথা আছিল। ইয়াৰোপৰি তেওঁ জাকাৰ্তালৈ গৈ প্ৰায় এটা সপ্তাহৰ অন্তত স্বদেশলৈ ঘূৰি অহাৰ কথা আছিল।এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী, শিক্ষাৰ্থীৰ সৈতে মত বিনিময় আদিত লিপ্ত হোৱাৰ কথা আছিল। ইয়াৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল কাৰ্যসূচী।

লগতে পঢ়ক : BJP appoints observers to pick CMs in 3 states : শীৰ্ঘে ঘোষণা কৰা হ’ব ৰাজস্থানকে ধৰি তিনিখন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰী