Local, Vocal, Global

Rahul Gandhi defamation case : ৰাহুল গান্ধীৰ আবেদনৰ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ ,পৰৱৰ্তী শুনানি ৪ আগষ্টত

নেশ্যনেল ডেস্ক, ২১ জুলাই : উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Rahul Gandhi defamation case) অপৰাধমূলক মানহানিৰ গোচৰত তেওঁক দোষী সাব্যস্ত হোৱাটো স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰা গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা আপীলৰ ওপৰত জাননী জাৰি কৰে ৷ শীৰ্ষ আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ৪ আগষ্ট নিৰ্ধাৰণ কৰে(SC issues notice to Gujarat govt in defamation case against Rahul Gandhi) ৷

গুজৰাটৰ উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে নিজৰ নিৰ্দেশত ‘মোডী উপাধি’ৰ মন্তব্যক লৈ আদালতে দুবছৰৰ কাৰাদণ্ড বিহা অপৰাধমূলক মানহানিৰ গোচৰত তেওঁৰ দোষী সাব্যস্ত হোৱা স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল(Modi Surname)।

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত চলা বিচাৰপীঠে শপতনামাৰ জৰিয়তে পক্ষসমূহক সঁহাৰি দাখিল কৰিবলৈ দহ দিনৰ সময় প্ৰদান কৰে। শুনানিৰ সময়ত ন্যায়াধীশ গাভাইয়ে তেওঁৰ পিতৃ আৰু ভাতৃৰ কংগ্ৰেছ দলৰ সৈতে সম্পৰ্ক আছে বুলি কৈ গোচৰৰ পৰা আঁতৰি আহিবলৈ আগবঢ়ায়।

আৰম্ভণিতে ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে তেওঁৰ পিতৃ ৪০ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত আৰু তেওঁৰ ভাতৃ কংগ্ৰেছত আছে আৰু দলসমূহক প্ৰশ্ন কৰে যে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি বিচাৰে নেকি? গান্ধীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা এ এম সিংভীয়ে কয় যে, তেওঁৰ ইয়াৰ সৈতে কোনো সমস্যা নাই, একেদৰে বিপক্ষৰ অধিবক্তাই কয় যে ন্যায়াধীশ গাভাইয়ে শুনানিৰ বিষয়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সমস্যা নাই ৷

সিংভিয়ে কয় যে, গান্ধীয়ে ১১১ দিন ধৰি ভুগি আছে আৰু তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে সংসদৰ দুখন অধিৱেশন হেৰুৱাইছে ৷ এই গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লোকসভা সচিবালয়ৰ অধিসূচনাৰ পিছতে ২৪ মাৰ্চত কেৰালাৰ ৱায়ানাদৰ পৰা গান্ধীক সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হয়। দাখিলৰ শুনানিৰ পিছত, শীৰ্ষ আদালতে গান্ধীৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে আৰু বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে ৪ আগষ্ট নিৰ্ধাৰণ কৰে ৷

ৰাহুন গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল যাৰ ফলত তেওঁক জনপ্ৰতিনিধিত্ব আইনৰ কঠোৰতাৰ অধীনত সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা হৈছিল।

শনিবাৰে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে তেওঁৰ ‘মোডী উপাধি’ মন্তব্যৰ বাবে অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাটো স্থগিত ৰাখিবলৈ গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰে ৷

ৰাহুল গান্ধীৰ আবেদনত কোৱা হৈছে যে তেওঁৰ ৰাজনৈতিক বিৰোধী প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সমালোচনা আৰু মন্তব্য কৰাৰ অধিকাৰ তেওঁৰ আছে আৰু কেৱল তেওঁ সমালোচনা কৰা বা তেওঁৰ মতামত বেলেগ হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে মানহানিৰ অভিযোগ স্থায়ী হ’ব নোৱাৰে ৷

অভিযোগকাৰী বা তেওঁৰ সাক্ষীয়ে এই সন্দৰ্ভত উত্থাপিত অভিযোগ মিছা বুলি কোৱা নাই ৷ আবেদনকাৰীয়ে যদি আচলতে কয় যে সকলো চোৰৰ উপাধি মোদী কিয়, তেন্তে তেওঁ শ্ৰী মোদীৰ এই অপশাসনৰ বিষয়বস্তুৰ সৈতে সম্পৰ্কিতভাৱে এই কথা কৈছিল যিটো কোনো মোদী সমাজ অথবা মোদী উপাধিধাৰী ব্যক্তিৰ সৈতে জড়িত নহয়”, এইদৰে আবেদনখনত কোৱা হৈছে ৷

উল্লেখ্য যে পূৰ্ণেশ মোদীয়ে দাখিল কৰা গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (মানহানি) ধাৰাত ২৩ মাৰ্চত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল । ২০১৯ চনৰ এপ্ৰিল মাহত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এক সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক খন্দা ৰাহুল গান্ধীয়ে কয়, “সকলো চোৰৰ উমৈহতীয়া উপাধি হিচাপে মোদী থাকে” বুলি প্ৰশ্ন উত্থাপন কৰা বক্তব্যৰ প্ৰত্যুত্তৰত এই গোচৰ ৰুজু কৰে ।

মাৰ্চ মাহত ‘মোডী’ উপাধি সন্দৰ্ভত ২০১৯ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে গান্ধীক দিয়া মন্তব্যৰ বাবে দণ্ডাধীশ আদালতে দোষী সাব্যস্ত কৰিছিল। দণ্ডাধীশ আদালতে গান্ধীক দোষী সাব্যস্ত কৰাৰ পিছত তেওঁ চেচনছ আদালতৰ কাষ চাপিছিল আৰু ২০ এপ্ৰিলত তেওঁৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ বাবে কৰা আবেদন নাকচ কৰিছিল । তাৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

লগতে পঢ়ক : Honour Of Dead Body Bill : ৰাজস্থান বিধানসভাত মৃতদেহ লৈ প্ৰতিবাদ নিষিদ্ধ বিধেয়ক গৃহীত