Local, Vocal, Global

Rahul Gandhi and President Droupadi Murmu congratulating indian cricket team for winning T20 World Cup 2024 : T20 বিশ্বকাপৰ বিজয়ৰ খিতাপ দখলৰ পিছত ক্ৰিকেটাৰসকলক অভিনন্দন ৰাজনৈতিক নেতাৰ

স্পৰ্ট ডেস্ক,৩০জুন : আইচিচি টি-২০ বিশ্বকাপ ২০২৪ ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ভাৰতে বিজয়ৰ খিতাপ দখল কৰিলে ।টীম ইণ্ডিয়াই হাতত তুলি ল’লে টি-২০ বিশ্বকাপৰ ট্ৰফী। ৰোহিত শৰ্মাৰ নেতৃত্বত পুনৰ এবাৰ টীম ইণ্ডিয়াই দেশৰ নাম বিশ্ব ক্ৰিকেটত সোণালী আখৰেৰে লিপিৱদ্ধ কৰিলে। ৭ৰাণত বিশ্বকাপৰ ফাইনেলত জিকিল ভাৰত(Rahul Gandhi and President Droupadi Murmu congratulating indian cricket team for winning T20 World Cup 2024)।

ভাৰতে বিজয়ৰ খিতাপ দখল কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও টুইটাৰযোগে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰিছে । তেওঁ লিখিছে, ‘‘বিশ্বকাপত জয় আৰু সমগ্ৰ প্ৰতিযোগিতাখনত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে টিম ইণ্ডিয়াক অভিনন্দন । সূৰ্য, চমকপ্ৰদক কেটছ ! ৰোহিত, এই জয় আপোনাৰ নেতৃত্বৰ প্ৰমাণ । ৰাহুল, মই জানো যে টিম ইণ্ডিয়াই আপোনাৰ গাইডেন্স মিছ কৰিব । Men in Blue য়ে আমাৰ দেশক গৌৰৱান্বিত কৰিছে ।’’

ইফালে ইণ্ডিয়া টিমৰ সাফল্যৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে লিখিছে, ‘‘টি-২০ বিশ্বকাপ জয় কৰাৰ বাবে টিম ইণ্ডিয়ালৈ মোৰ আন্তৰিক অভিনন্দন । কেতিয়াও ক’ব নোৱাৰা মনোভাৱেৰে দলটোৱে কঠিন পৰিস্থিতি অতিক্ৰম কৰি সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট দক্ষতা প্ৰদৰ্শন কৰে । চূড়ান্ত মেচখনত এয়া আছিল এক অসাধাৰণ জয় । ভাল লাগিল, টিম ইণ্ডিয়া ! আপোনালোকক লৈ আমি গৌৰৱান্বিত ।’’

লগতে পঢ়ক : T20 World Cup 2024 PM Modi congratulates Team India for the victory : টী-২০ বিশ্বকাপ বিজয়ৰ পিছত টীম ইণ্ডিয়াক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ