Local, Vocal, Global

Rahul Das’s body who went missing in the Brahmaputra, was recovered : অৱশেষত উদ্ধাৰ হ’ল ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ

নিউজ ডেস্ক,৬এপ্ৰিল : অৱশেষত উদ্ধাৰ হ’ল ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা ৰাহুল দাসৰ মৃতদেহ । SDRF ৰ বাহিনীৰ জোৰদাৰ অভিযানৰ অন্তত আজি উদ্ধাৰ হয় মৃতদেহটো ।

পুৱাৰে পৰা চূণচালি ঘাটত চলিছিল উদ্ধাৰ অভিযান। শুকুৰবাৰে আন দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছিল SDRF-এ।উদ্ধাৰ হৈছিল দেৱজিত ভূঞা আৰু কোকিল কলিতাৰ মৃতদেহ। ৩ যুৱকৰ ঘৰ মহানগৰীৰ চানমাৰিৰ অমিয় নগৰত।

উল্লেখ্য যে, গুৱাহাটীৰ চূণচালিত শুকুৰবাৰৰ দিনৰ ভাগত সংঘটিত হৈছিল এক শোকাৱহ ঘটনা ৷ শুকুৰবাৰে গা ধুবলৈ গৈ সন্ধানহীন হৈছিল ৰাহুল দাসৰ লগতে আন তিনি ছাত্ৰৰ । ছাত্ৰ কেইজন ক্ৰমে চান্দমাৰী অমিয়াপুৰৰ দেৱজিত ভূঞা (১৭), কুকিল কলিতা (১৭) আৰু ৰাহুল দাস (২২) ৷ ইয়াৰে দেৱজিৎ আৰু কুকিলৰ মৃতদেহ শুকুৰবাৰৰ দিনাই উদ্ধাৰ কৰা হৈছে যদিও ৰাহুলৰ মৃতদেহ শনিবাৰৰ পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ( Rahul Das’s body who went missing in the Brahmaputra, was recovered)।

জানিব পৰা মতে, চান্দমাৰী অমিয়াপুৰ অঞ্চলৰ মৃত তিনি ছাত্ৰই আন তিনি সমনীয়াৰ সৈতে শুকুৰবাৰে দিনৰ প্ৰায় ১.৩০ বজাত নুনমাটি চূণচালিৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈছিল । গা ধুই উঠাৰ পিচত মৃত তিনি ছাত্ৰই নৈৰ একেবাৰে ওচৰৰ পৰা ম’বাইলত ছেল্ফি উঠিবলৈ যোৱাৰ সময়তে শোকাৱহ ঘটনাটো ঘটে বুলি জানিব পৰা গৈছে ।মৃত আটাইকেইজনে একেলগে ছেল্ফি উঠাৰ সময়তে তেওঁলোকৰ এজন সতীৰ্থ অকস্মাতে নৈৰ বুকুত পিছলি পৰে ।

তেনে সময়তে আন সমনীয়া দুগৰাকীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ সময়তে দুৰ্ভাগ্যজনকভাবে তেওঁলোকো নৈত পৰি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় । নৈৰ পাৰত থকা আন সতীৰ্থকেইজনে এই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় লোকক অৱগত কৰে । স্থানীয় লোকে ততালিকে SDRF আৰু নুনমাটি আৰক্ষীক খবৰ দিয়ে ।

ঘটনাৰ কিছু সময়ৰ পিছতে ঘটনাস্থলীত SDRF ৰ লোক উপস্থিত হৈ ব্ৰহ্মপুত্ৰত অভিযান চলাই দেৱজিত ভূঞা (১৭)আৰু কুকিল কলিতা (১৭) ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আনহাতে নৈত নিখোজ হৈ থকা ৰাহুল দাসৰ মৃতদেহ বিচাৰি শনিবাৰে পুনৰ অভিযান চলায় এছ ডি আৰ এফ বাহিনীয়ে আৰু মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Union Home Minister Amit Shah’s visit to Assam cancelled : গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ বাতি