বিয়াৰ কথা কওতে কৃষ্ণই ৰাধাক কি কৈছিল?
ডিজিটেল ডেস্কঃ এয়া ৰাসৰ বতৰ। যুগে যুগে ৰাসৰ সৈতে উচ্চাৰিত হৈ আহিছে ৰাধা-কৃষ্ণৰ কথা। প্ৰথমে ৰাধা আৰু তাৰ পিছতহে কৃষ্ণ। লোক-জীৱনেই হওক বা লোক সাহিত্য ৰাধা আৰু কৃষ্ণৰ য’তেই উল্লেখ আছে সকলোতে প্ৰথমেই আহে ৰাধাৰ নাম। ৰাধাৰ পিছতহে কৃষ্ণ! ৰাধা আৰু কৃষ্ণ দুয়ো মিলি হয় ৰাধা-কৃষ্ণ।
ৰাধা অবিহনে কৃষ্ণৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰাধা-কৃষ্ণৰ মাজত কোনো বৈবাহিক সম্পৰ্কও নাছিল। তাৰ পিছতো কিন্তু ৰাধা আৰু কৃষ্ণক কেতিয়াও পৃথক কৰাতো সম্ভৱ নহয়। যুগ যুগ ধৰি মানুহে ৰাধাৰ কাষত কৃষ্ণ আৰু কৃষ্ণৰ কাষত ৰাধাকেই দেখি আহিছে। বিবাহ বৰ্হিভূত প্ৰেমক সততে ঘৃণাৰ চকুৰে চাই অহা ভাৰতীয়সকলে কিন্তু আচৰিত ধৰণে প্ৰেমৰ উদাহৰণ দিবলৈ গ’লে আজিও প্ৰথমেই নাম লয় ৰাধা-কৃষ্ণৰ।
কৃষ্ণই কোনোদিনেই ৰাধাক বিয়া কৰোৱা নাছিল। আনকি ৰাধাক বিয়াৰ সপোনো দেখা নাছিল কৃষ্ণই। ৰুক্মিণী, সত্যভমাকে আদি কৰি কেবাগৰাকী পত্নী থাকিলেও কৃষ্ণৰ কাষত কেৱল ৰাধাইহে স্থান পাই আহিছে। ৰাধা-কৃষ্ণৰ প্ৰেমক লৈয়ো আছে অনেক কাহিনী। এনে হাজাৰ-বিজাৰ কাহিনীৰ মাজতে ৰাসৰ এই বতৰত বহুতৰ মনলৈ আহিছে এটাই প্ৰশ্ন, ‘ৰাধা আৰু কৃষ্ণৰ কিয় বিয়া নহ’ল?’
কৃষ্ণ আৰু ৰাধাৰ প্ৰসংগ উল্লেখ থকা কেবাখনো পুৰাণৰ মতে এবাৰ ৰাধাই কৃষ্ণক বিয়াৰ কথা কৈছিল। তেতিয়া কৃষ্ণই ৰাধাক কৈছিল, ‘বিয়া হয় দুজনৰ মাজত। কিন্তু তুমি আৰু মই এজনেই। তুমিয়েই কোৱা এই বিয়া জানো সম্ভৱ? গতিকে বিয়া কৰাবলৈ হ’লে আমি আনৰ সৈতেই বিয়াত বহিব লাগিব।’
কৃষ্ণৰ এই কথাৰ পিছতেই মনত কোনো বেজাৰ নাৰাখি ৰাধাই পিতৃ-মাতৃৰ কথামতে আয়ান নামৰ এজন গাখীৰৰ ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আয়ানৰ দেউতাকৰ নাম আছিল গোলা, মাকৰ নাম আছিল জটিলা আৰু ভনীয়েকৰ নাম আছিল কুটিলা। কৃষ্ণৰ পালনকৰ্তা মাতৃ যশোদাৰ সম্পৰ্কীয় ভাতৃ আছিল আয়ান। কালীৰ ভক্ত আয়ানৰ সৈতে ৰাধাক বিয়া দিয়াৰ ক্ষেত্ৰত আগভাগ লৈছিল ৰাধাৰ পিতৃয়ে। অধিকাংশ লোককথা অনুযায়ী আয়ান আছিল নপুংসক। সেয়া হ’লেও বিয়াৰ পিছত কিন্তু সংসাৰৰ প্ৰতিটো দায়িত্বই নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা কৰিছিল ৰাধাই।
সংসাৰৰ দায়িত্ব পালন কৰিও ৰাধা আৰু কৃষ্ণই চলাই গৈছিল প্ৰেম। জীৱনৰ বিয়লি বেলাৰ ১৪টা বছৰ একেলগে কটাইছিল ৰাধা আৰু কৃষ্ণই। একাংশ পুৰাণৰ মতে নিজৰ পৰিচয় গোপন কৰি এই সময়ছোৱাত কৃষ্ণৰ ৰাজপ্ৰসাদত সেৱিকা হিচাপে কটাইছিল ৰাধাই। আনকি জীৱনৰ শেষ দিনটোতো প্ৰেমিক কৃষ্ণৰ বাঁহীৰ মাত শুনিয়েই কৃষ্ণৰ কোলাত মূৰ থৈয়েই ৰাধাই ত্যাগ কৰিছিল শেষ নিশ্বাস। সেই মুহূৰ্তৰ অন্তত কৃষ্ণয়ো আৰু কাৰো বাবে বজাব নোৱৰাকৈ চিৰদিনৰ বাবে দলিয়াই দিছিল ভাললগা বাঁহীটো।
দেহজ প্ৰেমৰ উৰ্ধত এক আত্মিক প্ৰেমেৰে সকলোকে আজিও আলোড়িত কৰি ৰখা ৰাধা-কৃষ্ণৰ আন এটি কথায়ো বহুতকে ভবাই তুলিব। কথাটো হৈছে বয়সৰ কথা। স্পষ্ট ৰূপত ৰাধা আৰু কৃষ্ণৰ বয়সৰ পাৰ্থক্য জনা নগ’লেও বিভিন্ন পুৰাণৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে কৃষ্ণতকৈ ৰাধা আছিল বয়সত ৭ বছৰ ডাঙৰ।
একাংশ পুৰাণত আকৌ ৰাধা কৃষ্ণতকৈ প্ৰায় ৫ বছৰৰ ডাঙৰ আছিল বুলিও উল্লেখ আছে। কোনো কোনো উপকাহিনীত কৃষ্ণ ৰাধাতকৈ ১১ মাহে সৰু আছিল বুলিও দাবী কৰা হৈছে। সেয়া হ’লেও প্ৰতিটো কাহিনীতে ৰাধা কৃষ্ণতকৈ ডাঙৰ বুলিয়েই পোৱা যায়।
এনেদৰেই বয়স তথা বিভিন্ন বাধাকো নেওচি ৰাধা-কৃষ্ণই প্ৰেমেৰে নিজকে মহীয়ান কৰি তুলিছিল। হয়তো আজিৰ সময়ত হোৱা হ’লে এনে প্ৰেমৰ বাবে এক প্ৰকাৰ বহু নিউজ চেনেলৰ বাবে ব্ৰেকিং নিউজ হৈ পৰিলহেতেন এই কাহিনী। সেই সময়তো এনে প্ৰেমৰ বাবে বহুতে ৰাধাক কলংকিনী ৰাধাও আখ্যা দিছিল।
কিন্তু সেই সকলোকে নেওচি ৰাধা-কৃষ্ণৰ অমৰ প্ৰেমে প্ৰতিটো যুগতেই প্ৰেম-ভালপোৱাৰে জগত জিনিব খোজা প্ৰতিজনকে আজিও পোহৰাই আহিছে। কিয়নো আজিৰ ভাষাত ৰাধা কৃষ্ণৰ কেৱল মাত্ৰ গাৰ্লফ্ৰেণ্ড নাছিল আৰু কৃষ্ণও ৰাধাৰ কেৱল মাত্ৰ বয়ফ্ৰেণ্ড নাছিল। ৰাধা আৰু কৃষ্ণ দুয়ো আছিল উভয়ে উভয়ৰ পৰিপূৰক!