Quintals of fish died in Nagaon :উৎকট গৰমৰ মাজতে চামগুৰিত মৃত্যু মুখত পৰিছে কুইণ্টলে-কুইণ্টলে মাছ
নিউজ ডেস্ক,২৩ছেপ্তেম্বৰ : উৎকট গৰমে দহিছে ৰাজ্যবাসীক। প্ৰখৰ ৰ’দত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জন-জীৱন। উৎকট গৰমৰ মাজতে চামগুৰিত কৰুণ ঘটনা।
চামগুৰিৰ শিৱস্থান ১নং গৰুমৰাট মৎস্য পালকৰ মাজত হাহাকাৰ পৰিস্থিতি। উৎকট গৰমৰ মাজতে মৃত্যু মুখত পৰিছে কুইণ্টলে-কুইণ্টলে মাছ। কুইণ্টলে-কুইণ্টলে মাছ মৰি ওপঙি আছে পানীত। মৎস ব্যৱসায়ীয়ে জনোৱা অনুসৰি প্ৰায় ৩০ কুইণ্টল মাছ মৃত্যুমুখত পৰিছে(Quintals of fish died in Nagaon)।
এয়া প্ৰখৰ ৰ’দৰ বাবে নে কোনো দুষ্কৃতিকাৰীৰ কু-অভিসন্ধি? তাক লৈও উত্থাপন হৈছে প্ৰশ্নৰ। কিন্তু মাছ মৃত্যুমুখত পৰাত দিশহাৰা হৈ পৰিছে মৎস্য পালকসকল।
লগতে পঢ়ক :Sensational incident : দশম শ্ৰেণীৰ ছাত্ৰ প্ৰহাৰত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ