Local, Vocal, Global

অৱশেষত সময়ৰ ওচৰত হাৰ মানিলে বয়সকো নমনা ৰাণী দ্বিতীয় এলিজাবেথে

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : বৃটেইনত আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰাণী দ্বিতীয় এলিজাবেথৰ বৃহস্পতিবাৰে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।

ৰাণীৰ মৃত্যুৰ লগে লগে তেওঁৰ পুত্ৰ চাৰ্লছ এতিয়া ৰজা হ’ব। অৱশ্যে ৰাজ্যাভিষেক কেইবা মাহধৰি অনুষ্ঠিত নহয়।

বাকিংহাম পেলেচৰ এক বিবৃতি অনুসৰি স্কটলেণ্ডৰ বালম’ৰেলত থকা তেওঁৰ বাসভৱনত মৃত্যু বৰণ কৰে।

ৰজা চাৰ্লছে এক বিবৃতিত কয়, “মোৰ মৰমৰ মাতৃ মহাৰাণীৰ মৃত্যু মোৰ আৰু মোৰ পৰিয়ালৰ সকলো সদস্যৰ বাবে আটাইতকৈ ডাঙৰ দুখৰ মুহূৰ্ত।”

ৰাণী এলিজেবেথ দ্বিতীয় ১৯৫২ চনত সিংহাসনলৈ আহিছিল আৰু ৭০ বছৰ ৰাজত্ব কৰিছিল। ১৮৭৪ চনত জন্ম গ্ৰহণ কৰা উইনষ্টন চাৰ্চিলৰ পৰা আৰম্ভ কৰি ১৯৭৫ চনত জন্ম গ্ৰহণ কৰা আৰু এই সপ্তাহৰ আৰম্ভণিতে ৰাণীয়ে নিযুক্ত কৰা লিজ ট্ৰাছকে ধৰি ১৫ জন প্ৰধানমন্ত্ৰীৰ শাসনকাল তৈয়াৰ কৰিছিল।