WATCH | Python spotted roaming in Dergaon : দেৰগাঁও নগৰৰ ১নং ৱাৰ্ডত বিচৰণ বৃহৎ আকাৰৰ অজগৰ
দেৰগাঁও,২২মাৰ্চ : দেৰগাঁও নগৰত বৃহৎ অজগৰৰ বিচৰণ । দেৰগাঁও নগৰৰ ১নং ৱাৰ্ডত বিচৰণ কৰিছে এটা বৃহৎ আকাৰৰ অজগৰ ।
দেৰগাঁও নগৰৰ ১নং ৱাৰ্ডৰ ৰাজখোৱা গাঁও নাঘৰৰ সমীপৰ ৰাতুল বৰুৱাৰ বাঁহনিত প্ৰায় ১৪ ফুট দীঘল অজগৰ ১৭ মাৰ্চ সোমবাৰে পুৱা ১০ গৃহস্থ আৰু স্থানীয় ৰাইজে প্ৰতক্ষ্য কৰে ৷
লগে লগে স্থানীয় ৰাইজে বনবিভাগক খবৰ দিয়ে বনবিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ অজগৰ ডাল ধৰিবলৈ সক্ষম নহল ৷ আকৌ ২১ মাৰ্চ তাৰিখে একে ঠাইতে সেই অজগৰ ডালক ধৰিবলৈ চেষ্টা কৰা হয় যদিও বনবিভাগৰ কৰ্মচাৰী বিফল হয়(Python spotted roaming in Dergaon)৷
আজিও সেই অঞ্চলত অজগৰ ডাল প্ৰতক্ষ্য কৰা হৈছে। ঘনবসতি পূৰ্ণ এলেকাত এতিয়া অজগৰৰ আতংকই বিৰাজ কৰিছে৷ অজগৰ ডালে এতিয়ালৈকে স্থানীয় ৰাইজৰ বহুতো মুৰ্গীক ভক্ষণ কৰিছে৷ স্থানীয় ৰাইজে বনবিভাগক অজগৰডাল উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে।