Local, Vocal, Global

PV Sindhu opens campaign with dominant win : বেডমিণ্টনত মালদ্বীপৰ প্ৰতিদ্বন্দ্বী ফাটিমাথ আব্দুল ৰজ্জকৰ বিৰুদ্ধে পি ভি সিন্ধুৰ জয়

নিউজ ডেস্ক,২৮জুলাই : পেৰিছ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত।দেওবাৰে মহিলা একক বেডমিণ্টনত প্ৰথমখন খেলত পি ভি সিন্ধুৰ ধৰাসায়ী হ’ল মালদ্বীপৰ প্ৰতিদ্বন্দ্বী ফাটিমাথ আব্দুল ৰজ্জক। গ্ৰুপ এমত ভাৰতৰ পি ভি সিন্ধুৱে মালদ্বীপৰ ফাতিমাথ নবাহা আব্দুল ৰজ্জকক ২১-৯, ২১-৬ ছেটত পৰাস্ত কৰে( PV Sindhu opens campaign with dominant win)।

ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে গভীৰ প্ৰত্যাশাৰে অলিম্পিক-২০২৪ অভিযান আৰম্ভ কৰিছে। এই জয়ৰ বাবে পি ভি সিন্ধুৰ আত্মবিশ্বাস যথেষ্ট বৃদ্ধি পাইছে। তেওঁৰ পৰৱৰ্তী খেলখন ৩১ জুলাইত ভাৰতীয় সময় মতে দুপৰীয়া ১২:৫০ বজাত আৰম্ভ হ’ব।

উল্লেখযোগ্য যে ২০১৬ চনত ৰিঅ’ অলিম্পিকত ৰূপ পদক আৰু ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল পি ভি সিন্ধুৱে। গ্ৰুপ এমৰ দ্বিতীয়খন খেলত বুধবাৰে ইষ্ট’নিয়াৰ ক্ৰীষ্টিন কুবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পি ভি সিন্ধু(Sindhu opens campaign with dominant win over Fathimath Abdul Razzaq)।

লগতে পঢ়ক : Agniveer Recruitment process for six districts : অসম আৰক্ষীত নিয়োগ কৰা হ’ব অগ্নিবীৰ