Local, Vocal, Global

Purported Assam Police Sub-Inspector Reveals Corruption Links : অধিক বিস্ফোৰণেৰে মানস বৰগোঁহাইৰ পঞ্চমটো ভিডিঅ’

নিউজ ডেস্ক, ৯ফেব্ৰুৱাৰী : পুনৰ আলফাৰ শিবিৰত বন্দী গুপ্তচৰ মানস বৰগোঁহাই ভিডিঅ’প্ৰেৰণ । শুকুৰবাৰে পুনৰ আন এক নতুন ভিডিঅ’ প্ৰেৰণ কৰে মানস বৰগোঁহাই । ভিডিঅ’ত মানস বৰগোহাঁইৰ বহু স্বীকাৰোক্তি পোহৰলৈ আহিছে(Purported Assam Police Sub-Inspector Reveals Corruption Links)।

এইবাৰ আৰক্ষীৰ শীৰ্ষ বিষয়ৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ ৷

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ম্যানমাৰৰ আলফা (স্বাঃ) ৰ কেম্পত বন্দী হৈ থকা মানস বৰগোঁহাইৰ পুনৰ আন এটা ভিডিঅ’ প্ৰেৰণ কৰিছে য’ত নিজে বিভিন্ন ছিণ্ডিকেটত জড়িত হৈ থকা বুলি স্বীকাৰোক্তি কৰাৰ লগতে এই কাৰ্যত উচ্চপদস্থ আৰক্ষী বিষয়া জড়িত থকা বুলি চাঞ্চল্যকৰ অভিযোগ তুলিছে ৷ মানস বৰগোঁহায়ে চুপাৰি ছিণ্ডিকেটৰ সৈতে মানস চলিহাৰ জড়িত হৈ থকাৰ লগতে এই চুপাৰি ছিণ্ডিকেট হোৱাৰ সময়ত এজন উচ্চপদস্থ আৰক্ষী বিষয়াই মানস চলিহাক সুৰক্ষিত পথৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে দৰ-দাম কৰে বুলি মানস বৰগোঁহায়ে ভিডিঅ’টোত কয় ৷

ইয়াৰে পৰি দৰ-দাম কৰিবলৈ অমান্তি হোৱা তথা নিমিলা গাড়ীবোৰ আৰক্ষী বিষয়া জনে তথা প্ৰশাসনৰ নিৰ্দেশত ধৰা হয় বুলি গুৰুতৰ অভিযোগ তোলে বন্দী মানসে ৷ লগতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াজনৰ নেতৃত্বত ৰাজ্যত প্ৰৱেশত নিষেধাজ্ঞা থকা ইউৰিয়া সাৰ ৰাজ্যলৈ আমদানি কৰা হয় বুলি কয় কাৰাবন্দী মানসে ৷ আনকি খাদ্য নিগমৰ চাউল বাহিৰলৈ পঠোৱাৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা আৰক্ষী বিষয়া , চলিহাৰ লগতে নজৰুল নামৰ এজন ব্যক্তিৰ সহযোগত কৰা হয় বুলি অভিযোগ তোলে মানস বৰগোঁহাইয়ে ৷

মানস চলিহা নাৰী ব্যৱসায়ৰ লগত জড়িত থকা বুলি গুৰুতৰ অভিযোগ কৰিছে মানস বৰগোহাঁইয়ে। দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰী, কাম বিচাৰি অহা যুৱতীসকলক সহায় কৰাৰ চলেৰে গুৱাহাটীত নাৰীদেহ ব্যৱসায়ৰ বজাৰ খোলাৰ গুৰুতৰ অভিযোগ আনিছে মানস বৰগোহাঁইয়ে।

মানস বৰগোহাঁইয়ে কয় যে, বিদেশী চিগাৰেটৰো বেহা চলাইছিল মানস চলিহাই। বিদেশী চিগাৰেটৰ ট্ৰাক পাৰ কৰোৱাৰ বাবে দৰ-দাম শীৰ্ষ আৰক্ষী বিষয়াই কৰিছিল আৰু আণ্ডাৰ কভাৰ এজেণ্ট হিচাপে থকা যুৱকসকলে ট্ৰাকসমূহ পাৰ কৰাই দিছিল। এই সকলো অভিযোগৰ সত্যতা কিমান তাৰ সঠিক তদন্তৰ অন্তত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক : Tragic Road Accident in Boko : মৰ্মান্তিক দুৰ্ঘটনা; নিহত দুই ছাত্ৰ