Local, Vocal, Global

Dehradun Gang Rape Case: ডেৰাডুনৰ আই এছ বি টিত বাছত দলবদ্ধ ধৰ্ষণ কিশোৰীক

নেশ্যনেল ডেস্ক,১৮আগষ্ট : পুনৰ দেশত আন এক জঘন্য ঘটনা ।কলকাতাৰ আৰ জি ক’ৰ কাণ্ড মাৰ নৌযাওতে পুনৰ ধৰ্ষণৰ ঘটনা ।এইবাৰ ডেৰাডুনৰ আই এছ বি টিত বাছত দলবদ্ধ ধৰ্ষণ এগৰাকী কিশোৰীক ৷ ভুক্তভোগী কিশোৰীগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল(Dehradun Gang Rape Case) ৷

তথ্য অনুসৰি মুৰাদাবাদৰ পৰা উত্তৰ প্ৰদেশৰ ৰোডৱেজ বাছত উঠিছিল ১৬ বছৰীয়া কিশোৰী গৰাকী । ১৩ আগষ্টৰ পুৱা প্ৰায় ২.৩০ বজাত তেওঁ আই এছ বি টি ডেৰাডুনত উপস্থিত হয় । অভিযোগ অনুসৰি বাছখন খালী হোৱাৰ পিছত প্ৰায় পাঁচজন লোকে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে ৷ তাৰ পাচত অভিযুক্তই কিশোৰীগৰাকীক বাছৰ পৰা উলিয়াই লৈ যায় ।

শিশু কল্যাণ সমিতিৰ হেল্পলাইন দলে আই এছ বি টিৰ বাহিৰত কিশোৰীগৰাকীক অতি দুখলগা অৱস্থাত উদ্ধাৰ কৰে । তাৰ পাচতে কমিটীৰ আগত ভুক্তভোগী কিশোৰীগৰাকীয়ে সকলো কথা বৰ্ণনা কৰে । ইয়াৰ পাচতে শনিবাৰে নিশা আই এছ বি টি পোষ্টত উপস্থিত হৈ কমিটীৰ সদস্যসকলে ঘটনা সন্দৰ্ভত অৱগত কৰে ।ইয়াৰ পিছতে আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰে । আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত দুজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে(Punjab Girl Gang-Raped In Public Bus In Dehradun, Roadways Staff Detained) ।

শিশু কল্যাণ সমিতিৰ সদস্য প্ৰীতিৰ মতে, ভুক্তভোগী কিশোৰীগৰাকীয়ে কয় যে তেওঁ উত্তৰাখণ্ডৰে বাসিন্দা ৷ ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ মৃত্যু হৈছে । ১১ আগষ্টৰ দিনা ভুক্তভোগী কিশোৰীগৰাকীক ভিনিয়েক আৰু বায়েকে ঘৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ সেয়ে ভুক্তভোগী কিশোৰীগৰাকীয়ে পঞ্জাবৰ পৰা বাছত উঠি দিল্লীত উপস্থিত হয় ৷ তাৰ পিছত মুৰাদাবাদ আৰু পৰৱৰ্তী সময়ত ডেৰাডুনত উপস্থিত হয় কিশোৰীগৰাকী ৷

ভুক্তভোগী কিশোৰীগৰাকীয়ে উল্লেখ কৰা মতে, তেওঁ অহা বাছখনৰ ৰং ৰঙা ৷ ইয়াৰ পৰাই অনুমান কৰা হৈছে যে সম্ভৱতঃ বাছখন উত্তৰ প্ৰদেশ পৰিবহণ নিগমৰ আছিল ।

ঘটনা সন্দৰ্ভত এছ এছ পি অজয় ​​সিঙে কয় যে তেওঁ নিজেই আই এছ বি টি পোষ্টত উপস্থিত হৈ এই ঘটনাৰ বিষয়ে তথ্য লাভ কৰিছে ৷ অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু দুজন লোকক আটকো কৰা হৈছে । লগতে আই এছ বি টিৰ CCTVৰ ফুটেজ যুগুত কৰি আৰক্ষীয়ে তদন্ত কৰি আছে(Amid Anger Over Kolkata, Shocker From Dehradun)।

লগতে পঢ়ক : Air India Cabin Crew Member Assaulted In Her London Hotel Room : হোটেলৰ কোঠাত এয়াৰ ইণ্ডিয়াৰ ক্ৰুৰ সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ