Local, Vocal, Global

পঞ্জাৱৰ মুখ্যমন্ত্ৰী Bhagwant Mannৰ দ্বিতীয় বিবাহ

নিউজ ডেস্ক, ৬ জুন : পঞ্জাৱৰ মুখ্যমন্ত্ৰী Bhagwant Mann কাইলৈ চণ্ডিগড় স্থিত তেওঁৰ বাসগৃহত এক ব্যক্তিগত অনুষ্ঠানত বিবাহ পাশত আৱদ্ধ হ’ব।

মুখ্যমন্ত্ৰী মনে (৪৮) হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ বাসিন্দা পেছাত চিকিৎসক ডাঃ গুৰপ্ৰীত কৌৰক বিয়া কৰাব।

প্ৰায় ছয় বছৰ আগতে প্ৰথম পত্নীৰ পৰা বিবাহ বিচ্ছেদ হৈছিল Bhagwant Mann।

বিবাহ অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ (AAP) ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ পৰিয়াল উপস্থিত থাকিব। অৱশ্যে, অনুষ্ঠানটোলৈ কোনো মন্ত্ৰী বা আন ডাঙৰ নেতাক আমন্ত্ৰণ জনোৱা নহয়।

বাতৰি অনুসৰি, মুখ্যমন্ত্ৰী মানৰ মাতৃৰ ইচ্ছা আছিল যে তেওঁ বিয়া কৰাব লাগে।

তেওঁৰ প্ৰাক্তন পত্নী ইন্দ্ৰপ্ৰীত কৌৰ আৰু তেওঁলোকৰ সন্তান বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি আছে।

চলিত বৰ্ষৰ ১৬ মাৰ্চত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ তেওঁৰ জীয়ৰী সীৰত কৌৰ মান (২১) আৰু পুত্ৰ দিলশান মান (১৭) তেওঁৰ আমেৰিকাৰ পৰা আহিছিল।