Local, Vocal, Global

Pune Rains : প্ৰৱল বৃষ্টিপাত;ব্যাহত সাধাৰণ জনজীৱন

নিউজ ডেস্ক,২৫জুলাই : ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন! প্ৰৱল বৃষ্টিপাতৰ ফলত পুণেত স্তব্ধ প্ৰায় জনজীৱন (Pune Rains) । নেৰানেপেৰা বৰষুণ ফলত ৰাজ্য খনৰ কেইবাটও ঠাইত যথেষ্ট ক্ষতি হৈছে । যাৰ ফলত ৰাজ্যখনৰ বহুকেইটা অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে। প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন ।

ধাৰাসাৰ বৰষুণৰ ফলত বানৰ কবলত পুনে চহৰ। পানীত বুৰ গৈছে নৈ পাৰৰ হাউছিং ছ’চাইটিসমূহ। বাঢ়নী পানীত আবদ্ধ হৈ পৰা লোক সকলৰ বাবে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

পানীত বুৰ গৈছে চহৰখনৰ একতা নগৰৰ লগতে বাবা ভিদে দলং। সেয়েহে চহৰবাসীক সজাগ হৈ থাকিবলৈ সকীয়াই দিছে প্ৰশাসনৰ লোকে। মহাৰাষ্ট্ৰত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চলত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদানৰ লগতে সতৰ্কবাণী জাৰি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে মুম্বাই,থানে,পালঘৰ আৰু ৰাইগাডত প্ৰচুৰ পৰিমাণে বৰষুণ অহাৰ সম্ভাৱনা আছে। সেয়ে মুম্বাইত ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে।

লগতে পঢ়ক : Lumding Railway Security Force raids drugs : লামডিং ৰেলৱে সুৰক্ষা বাহিনীৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান