Pune MLA’s Nephew Arrested After SUV Hits Bike On National Highway : বিধায়কৰ ভতিজাৰ বিলাসী বাহনৰ খুন্দাত প্ৰাণ গ’ল নিৰীহ যুৱকৰ

নিউজ ডেস্ক,২৪জুন : বিধায়কৰ ভতিজাৰ বিলাসী বাহনৰ খুন্দাত প্ৰাণ গ’ল নিৰীহ যুৱকৰ । ১৯ বছৰীয়া বিধায়ক ভতিজাৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী বাইক আৰোহীৰ।
জানিব পৰা মতে, শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কৰ ভতিজা ফ্চুনাৰ বাহনে পুনে-নাছিক ৰাষ্ট্ৰীয় ঘাইপথত বাইকত খুন্দা মাৰে। ফৰ্চুনা বাহনখনে ভুল দিশৰ পৰা আহি বাইকখনক খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাইক আৰোহীজন (Pune MLA’s Nephew Arrested After SUV Hits Bike On National Highway)।
ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ময়ূৰ মোহিত নামৰ যুৱকজনক। অভিযুক্ত ময়ূৰ মোহিতে পুনে জিলাৰ খেদ আলণ্ডি বিধানসভা বিধায়ক দিলীপ মোহিতে পাটিলৰ ভতিজা। দিলীপ মোহিতে পাটিল NCPৰ অজিত পাৱাৰ ফৈদৰ বিধায়ক।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সংবাদ মাধ্যমক দিয়া এক বিবৃতিত বিধায়কগৰাকীয়ে কয় যে তেওঁৰ ভতিজা সেই স্থানৰ পৰা পলায়ন কৰা নাছিল। তেওঁ মদ্যপান কৰাও নাছিল।
লগতে পঢ়ক : Massive Eviction Drive in Jagiroad : জাগীৰোডৰ শিলভাঙাত চলিল প্ৰশাসনৰ বুলড’জাৰ