Cop shoots wife then died by suicide : পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা আৰক্ষী বিষয়াৰ , নিজেও কৰিলে আত্মহত্যা

নেশ্যনেল ডেস্ক, ২৪ জুলাই : এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰিলে নিজৰ পত্নী আৰু ভতিজাক। তাৰ পাছতে নিজেও কৰিলে আত্মহত্যা (Cop shoots wife then died by suicide)। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত ।
সোমবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা । এচিপি ভাৰত গাইকৱাড়ৰ বাংলোত সংঘটিত হয় এই ঘটনা (ACP Bharat Gaikwad’s bungalow)। ঘটনাটোৰ কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই ।
মহাৰাষ্ট্ৰৰ পুনে চহৰত সোমবাৰে নিজৰ ঘৰত সহকাৰী আৰক্ষী আয়ুক্তই পত্নী আৰু ভতিজাকক বন্দুকৰে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । পুৱা প্ৰায় ৩.৩০ বজাত বানেৰ অঞ্চলৰ এচিপি ভাৰত গাইকৱাদৰ বাংলোত সংঘটিত হয় এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, গাইকৱাড় অমৰাৱতীত এচিপি হিচাপে কৰ্মৰত অৱস্থাত আছিল আৰু তেওঁ ঘৰলৈ আহিছিল। আৰক্ষীয়ে কয় যে, সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত এচিপিয়ে প্ৰথমে তেওঁৰ পত্নীৰ মূৰত গুলী চালনা কৰে । গুলীবৰ্ষণৰ শব্দ শুনি তেওঁৰ পুত্ৰ আৰু ভতিজা দৌৰি আহি দুৱাৰখন খুলিছিল । দুৱাৰ খোলাৰ লগে লগে তেওঁ ভতিজাককো গুলীয়াই । তাৰপাছতে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে । ঘটনাস্থলীতে মৃত্যু হয় তিনিওজনৰ।
মৃত আন দুজন আৰক্ষী বিষয়াৰ পত্নী মনি গাইকৱাদ (৪৪) আৰু ভতিজা দীপক (৩৫) বুলি জানিবলৈ পৰা গৈছে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : School stadium roof collapses : চীনত অঘটন, চীনত খহি পৰিল বিদ্যালয়ৰ জিমৰ ছাঁদ