তালিবানৰ হাতত প্ৰাণ হেৰুওৱা চাৰি ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ বঁটা ২০২২

নিউজ ডেস্ক, ১১ মে’- আফগানিস্তানী সেনা আৰু তালিবানৰ মাজত সংঘৰ্ষত কান্দাহাৰাত প্ৰাণ হেৰুওৱা সাংবাদিক ডানিছ ছিদ্দিকীসহ চাৰি ভাৰতীয়লৈ সন্মানীয় পুলিৎজাৰ বঁটা ২০২২ আগবঢ়োৱা হৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত সবাতোকৈ সন্মানীয় হিচাপে পৰিচিত পুলিৎজাৰ বঁটা ২০২২ ৰ ফটোগ্ৰাফী শিতানত ডানিছ ছিদ্দিকী, আদনান আবিডি, ছান্না ইৰছাদতমা মাট্টু আৰু অমিত ডাভেলৈ এই বঁটা আগবঢ়োৱা হৈছে।
ৰয়টাৰ নিউজ এজেঞ্চীৰ সাংবাদিক চাৰি ভাৰতীয়ক পুলিৎজাৰ বঁটা ২০২২ আগবঢ়োৱা হৈছে ভাৰতত ক’ভিড-১৯ৰ পৰিস্থিতিৰ আলোকচিত্ৰৰ বাবে।