Local, Vocal, Global

Police Guidelines For Durga Puja in Guwahati : প্ৰশাসনে জাৰি কৰিলে দুৰ্গা পূজাৰ নতুন নিৰ্দেশনা

নিউজ ডেস্ক, ৩অক্টোবৰ : শাৰদীয় দুর্গোৎসৱ । দুর্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ।দুর্গোৎসৱ বাবে প্ৰস্তুতি সমগ্ৰ ৰাজ্যত । তাৰ মাজতে আহিছে নতুন নিৰ্দেশনা ।গুৱাহাটীৰ পূজা সমিতিৰ সৈতে আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠক মুকলি কৰে পূজা আয়োজনৰ নীতি-নিয়ম । পূজা আয়োজনত এই সমূহ নিৰ্দেশনা মানিব লাগিব পূজা সমিতিয়ে(Police Guidelines For Durga Puja in Guwahati)।

আজি আৰ্থাত মঙলবাৰে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজা সমিতিৰ প্ৰতিনিধিৰ সৈতে গুৱাহাটীৰ দীঘলীপুখুৰী অঞ্চলৰ জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে।

এই বৈঠকত আলোচনা কৰা নতুন নিৰ্দেশনা সমূহ হ’ল

  • কোনো পূজা সমিতিয়ে কোনো পথ বন্ধ কৰি পূজা আয়োজন কৰিব নোৱাৰিব(No puja committee will be allowed to organize pujas by blocking any pavement or bye-lanes) ।
  • পূজা সমিতিসমূহে পূৰ্বে ইয়াৰ অনুমতি লাভ কৰিব লাগিব আৰু এই অনুমতি স্থানীয় আৰক্ষী থানাই দিব।
  • প্ৰতিখন পূজা সমিতিয়ে নিজ নিজ পূজা মণ্ডপে আৰু ওচৰৰ অঞ্চলসমূহৰত চি চি টি ভি লগাব লাগিব(Every puja committee will have to ensure complete CCTV coverage of their respective pandals and nearby areas) ।
  • পূজা সমিতিয়ে বিদ্যুৎ সংযোগ কৰিব বাবে এপিডিচিএলৰ অনুমতি ল’ব লাগিব ।
  • সকলো পূজা মণ্ডপে আৱৰ্জনা নিষ্কাশনৰ কৰিব লাগিব সঠিক ব্যৱস্থাপনা ।
  • প্ৰতিখন পূজা সমিতিৰ সভাপতি আৰু আৰু সাধাৰণ সম্পাদকৰ নাম জনসাধাৰণৰ দৰ্শনৰ বাবে মণ্ডপৰ বাহিৰত লিখিব লাগিব।
  • নিৰ্মাণ কৰিব নোৱাৰিব প্লাষ্টিকৰ মূৰ্তি জাৰি কৰা হৈছে নিষেধাজ্ঞ।
  • মণ্ডপত যিকোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে পূৰ্বতে অনুমতি ল’ব লাগিব আৰক্ষীৰ । আৰক্ষীয়ে এই সম্পৰ্কত নিৰ্দিষ্ট সময়সীমা বান্ধি দিব ।
  • চূণসালি, পাণ্ডু, বশিষ্ঠ, সোণাপুৰ, ডিগাৰু, আৰু কাচোমাৰীৰ ঘাটতহে মূৰ্তি বিসৰ্জনৰ অনুমতি দিয়া হ’ব।
  • প্ৰদূষণ ব’ৰ্ডৰ নিৰ্দেশ অনুসৰি ঘাটসমূহৰ কাষত বেৰিকেড স্থাপন কৰিব কৰ্তৃপক্ষই।
  • পূজা সমিতিসমূহক পানীত দ্ৰৱীভূত সামগ্ৰীৰে নিৰ্মিত মূৰ্তি ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্লাষ্টিক, থাৰ্মোকল বা এনেধৰণৰ অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
  • নিৰ্ধাৰিত নিয়ম মানি নচলিলে ৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব , আনহাতে প্ৰতিটো পঞ্চায়ত ৩ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।