Youth killed by thieves in Lakhimpur : লখিমপুৰত উত্তপ্ত পৰিস্থিতি, ITI ৰ ছাত্ৰ প্ৰণৱ শইকীয়াক হানি খুঁচি হত্যা কৰাক লৈ উত্তপ্ত লখিমপুৰ
লখিমপুৰ, ৩০জুলাই : লখিমপুৰত উত্তেজনা ৷ ITI ৰ ছাত্ৰ প্ৰণৱ শইকীয়াক দুৰ্বৃত্তই হানি খুঁচি কৰা হত্যাৰ ঘটনাক লৈ লখিমপুৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । ঘটনাৰ বিৱৰণি অনুসৰি, ছাগলী চোৰ কৰিবলৈ অহা চোৰক বাধা প্ৰদানৰ বাবেই নৃশংসভাৱে হত্যাৰ বলি হ’বলগীয়া হৈছিল প্ৰণৱ শইকীয়াই ৷ ইতিমধ্যে চফিক আলি আৰু আইজুল ৰহমান নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে লখিমপুৰ আৰক্ষীয়ে । বাকীকেইটা অভিযুক্তকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক দাবী জনালে অসমীয়া যুৱমঞ্চই ৷ অসমীয়া যুৱমঞ্চৰ উদ্যোগত সমবেত প্ৰতিবাদকাৰীসকলে এই নৃশংস ঘটনাৰ উচিত তদন্ত কৰি আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ লগতে উপযুক্ত শাস্তিৰ দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ((Youth killed by thieves in Lakhimpur)) ।
স্থানীয় লোকৰ পৰা প্ৰাপ্ত ঘটনাৰ বিৱৰণি অনুসৰি, ছাগলী চুৰি কৰিবলৈ আহি এজন যুৱকক হানি খুঁচি হত্যা কৰিছিল চোৰৰ এটা দলে । এই নৃশংস ঘটনাটো সংঘটিত হৈছিল লখিমপুৰ জিলাৰ চাংমাই গাঁৱৰ গোবৰীশালীত । শুকুৰবাৰে নিশা প্ৰণৱ শইকীয়া নামৰ যুৱকজনৰ এই হত্যাকাণ্ডৰ ঘটনাৰ পিছতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ(Youth killed by thieves in Lakhimpur) ৷
জানিব পৰা মতে শুকুৰবাৰে নিশা চাংমাই গাঁৱৰ গোবৰীশালীত গাঁৱত আছিল এখনি ভাওনা । সেই উপলক্ষে গাঁওখনৰ অধিকাংশ লোকেই ভাওনা উপভোগ কৰিবলৈ গৈছিল । সেই সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি চুৰিৰ পৰিকল্পনাৰে গাঁওখনত প্ৰৱেশ কৰিছিল চোৰৰ এটা দলে ।
প্ৰণৱ নামৰ যুৱক এজন তেওঁৰ বৰদেউতাকৰ ঘৰত আছিলে আৰু বৰদেউতাকৰ ঘৰত ছাগলী চুৰি কৰিবলৈ অহাৰ উমান পাই চোৰৰ দলটোক খেদি গৈছিল ।এনে সময়তে প্ৰৱল বৃষ্টিপাত আৰু এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলটোৱে প্ৰণৱ নামৰ যুৱকজনক অতি নৃশংসভাৱে হানি খুঁচি হত্যা কৰি পলায়ন কৰে ।
ঘৰৰ পৰা কিছু নিলগত এটা মথাউৰীৰ কাষৰ এঘৰ মানুহৰ পদূলিত উদ্ধাৰ হয় প্ৰণৱৰ নিথৰ দেহ ।লগতে তেওঁৰ কাষতে উদ্ধাৰ হয় এখন গ্লেমাৰ বাইক ।জানিব পৰা মতে, বাইকখনৰ নম্বৰ AS 07 S 7293 ।
ইফালে এই গ্লেমাৰ বাইকখনৰ গৰাকী লখিমপুৰৰ ১২ নং ৱাৰ্ডৰ আমিনা খাতুন বুলি জানিব পৰা গৈছে ।
ইফালে এই ঘটনা সন্দৰ্ভত স্থানীয় লোকে স্থানীয় আৰক্ষীক অৱগত কৰে আৰু ইয়াৰ পাছতে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে।
এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে দুপৰীয়া শ শ লোকে লখিমপুৰ বাইপাচ অৱৰোধ কৰি হত্যাকাৰীক শীঘ্রেই গ্ৰেপ্তাৰৰ দাবী জনায় (Road Blocked in Lakhimpur) ৷
হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবীত ৰাইজে বাইপাচ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে ৷ বহু সময় ধৰি পথ অৱৰোধ কৰি বাইপাচ অচল কৰাৰ পাছত অৱৰোধ স্থলীত উপস্থিত হয় জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া ৷ আৰু এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰে ।
আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত তিনি জন চোৰক আটক কৰাৰ লগতে সকলো অপৰাধীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি বুজনি দিয়াৰ পাছত ৰাইজে সাময়িক ভাবে অৱৰোধ প্ৰত্যাহাৰ কৰে ৷
উল্লেখ্য যে, আৰক্ষীৰ সূত্রে জনোৱা মতে ঘটনাস্থলীত উদ্ধাৰ হোৱা বাইকখনৰ আঁত ধৰিয়েই তদন্ত আগবঢ়োৱা হৈছে ৷ বাইকখনৰ গৰাকীয়ে বাইকখন এজন মেকানিকৰ ওচৰত বন্ধকত থৈছিল ৷ তাৰ পৰা শুকুৰবাৰে সন্ধিয়া আইজুল নামৰ এজন যুৱকে বাইকখন নিছিল ৷ ইতিমধ্যে এই তিনিও জনকে আটক কৰি সদৰ থানাত জেৰা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷