Local, Vocal, Global

Protests in Arunachal Pradesh : মণিপুৰ নাৰী নিৰ্যাতন কাণ্ডৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত প্ৰতিবাদ

নিউজ জেস্ক, ২৮ জুলাই : মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাকলৈ সৰ্বত্ৰে অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ । মণিপুৰ কাণ্ডক সমগ্ৰ দেশে ধিক্কাৰ দিছে (Protests in Arunachal Pradesh)। তাৰ মাজতে বৃহস্পতিবাৰে মণিপুৰত সংঘটিত হোৱা বৰ্বৰোচিত নাৰী নিৰ্যাতনৰ ঘটনাটোৰ বাবে প্ৰতিবাদ জনায় অৰুণাচল প্ৰদেশৰ একাংশ মহিলা, বহু দল-সংগঠনৰ লগতে সহস্ৰাধিক ৰাইজ ওলাই আহিল ৰাজপথলৈ (Protests in Arunachal Pradesh against Manipur incident)।

চিলাপথাৰৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ লিকাবালিত মণিপুৰত সংঘটিত নাৰী নিৰ্যাতন ঘটনাৰ প্ৰতিবাদ আৰু শান্তি প্ৰতিষ্ঠাৰ দাবীত ওলাই আহিল সহস্ৰাধিক মহিলা । মণিপুৰত মানৱতাৰ ভূলুন্ঠিত কৰি অৱলা নাৰীৰ ওপৰত চলোৱা চৰম নিৰ্যাতনৰ প্ৰতিবাদত ক্ৰমে মিটা য়ুথ এচ’ছিয়েছন,মিজে হিনম ফেডাৰেছন,উইমেন ৱেল ফেয়াৰ চ’ছাইটি,নামনি চিয়াং জিলা ছাত্ৰ সন্থা,গা’ল য়ুথ,ম’গ ব’গ ফেডাৰেছন আদি বিভিন্ন সংগঠনৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

লিকাবালিৰ সীমান্তৰ পৰা সমদল উলিয়াই নাৰী নিৰ্যাতনকাৰীক ফাঁচী দিয়ক,নাৰীক ন্যায় প্ৰদান কৰক,গোষ্ঠী সংঘৰ্ষ নচলিব,নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্ল’গানে উত্তাল কৰিলে পাহাৰ ভৈয়াম । ইয়াৰ পিছতে অনুষ্ঠিত কৰে এক প্ৰতিবাদী সভা । অশান্তজৰ্জৰ মণিপুৰত নাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰাইজে একেমুখে ধিক্কাৰ দিয়াৰ লগতে শান্তি প্ৰতিষ্ঠা কৰাৰ দাবী জনায় প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক : School Headmaster Suspended : প্ৰধান শিক্ষকৰ নাভূত-নাশ্ৰুত কাণ্ড