Protests Erupt in Dibrugarh Against CAA Implementation : ‘কা’ বিৰোধী প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য; ডিব্ৰুগড়ত CAA বিৰুদ্ধে প্ৰতিবাদ

ডিব্ৰুগড়, ১২ মাৰ্চ : নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ। প্ৰতিটো দল সংগঠনে কা বিৰুদ্ধে গঢ়ি তুলিছে গণতান্ত্ৰিক আন্দোলন।’কা’ বিৰোধী প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য । কা নামানো শ্ল’গানেৰে ডিব্ৰুগড়ত টাই আহোম ছাত্র সন্থাৰ প্ৰতিবাদ(Protests Erupt in Dibrugarh Against CAA Implementation) ।
নাগৰিকত্ব সংশোধনী আইন আৰু জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত টাই আহোম ছাত্র সন্থাৰ প্ৰতিবাদ। ডিব্ৰুগড় চৌকিডিঙ্গি চাৰিআলিত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট আটাছুৰ। অসমীয়াৰ আৱেগ আৰু প্ৰতিবাদক নস্যাৎ কৰি বলপূৰ্বকভাৱে কেন্দ্ৰীয় চৰকাৰে ‘কা’ জাপি দিয়াক লৈ ক্ষোভিত হৈছে আটাছু(Protests Erupt in Dibrugarh Against CAA Implementation)।
টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰম প্ৰৱঞ্চনা কৰা বিজেপিক আগন্তক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিত টাই আহোম জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত বৰ্জনৰ হুংকাৰ প্ৰদান ।
প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে আটাছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ বিৰোধী ঐক্য মঞ্চৰ সৰ্বাত্মক হৰতাল কাৰ্যসূচীৰ সম্পৰ্কে মন্তব্য। ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক প্ৰত্যুত্তৰ অজাপ’ৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ।
লগতে পঢ়ক : Earthquake of magnitude 4.7 strikes Assam : ৰাজ্যত মৃদু ভূমিকম্পৰ জোকাৰণি; ২.২৮ বজাত জোকাৰণি অনুভূত