Local, Vocal, Global

Protests Erupt in Bijulee Bhawan Against Smart Meters : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিজুলী ভৱনত বিৰোধী ঐক্য মঞ্চৰ প্ৰতিবাদ

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে বিৰোধী ঐক্য মঞ্চই গুৱাহাটীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনত বৃহৎ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কংগ্ৰেছৰ নেতৃত্বত ঐক্য মঞ্চৰ অধীনৰ বিৰোধী দলসমূহে বিজুলী ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদত অংশগ্ৰহণ কৰে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ শ নেতা-কৰ্মীয়ে। প্ৰতিবাদৰ জৰিয়তে দলসমূহে ৰাজ্যত স্মাৰ্ট মিটাৰৰ ঘৰুৱা সংযোগ বাতিল কৰিবলৈ চৰকাৰক দাবী জনায় ।

প্ৰতিবাদত অংশ লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই । তেওঁ কয়, “সাধাৰণ মানুহৰ ঘৰত লুণ্ঠনৰ স্বাৰ্থত, কমিছনৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ বহুৱাইছে । এই সিদ্ধান্ত শীঘ্ৰে বাতিল নকৰিলে ৰাজ্যৰ ২৬ লাখ লোক ৰাজপথলৈ ওলাই আহিব । অসমৰ বিদ্যুৎ বিভাগে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰৰ পৰা ৮০ শতাংশ কৰ সংগ্ৰহ কৰে । ঘৰুৱা গ্ৰাহকৰ পৰা ২০ শতাংশ কৰ সংগ্ৰহ কৰে । চৰকাৰৰ নিৰ্দেশত মতে বাণিজ্যিক, ঔদ্যোগিক আৰু অফিচিয়েল ক্ষেত্ৰত স্মাৰ্ট মিটাৰ লগাব লাগে(Protests Erupt in Bijulee Bhawan Against Smart Meters)।

কিন্তু ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে ৪-৫ কোটি টকা কমিছনৰ আশাত সাধাৰণ মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই শোষণ কৰাৰ লগতে তেজ শুহিবলৈ জাতিৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে । বিৰোধী ঐক্য মঞ্চ অসমে কেতিয়াও মনে মনে বহি নাথাকো । এ পি ডি চি এলৰ বিষয়াসকলকো সকীয়াই দিছো, হিমন্ত বিশ্বক সকীয়াই দিছো । সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিলে, বিদ্যুতৰ মাচুল ৭ বাৰ বঢ়ালে । শাসনৰ নামত বিজেপিয়ে শোষণ, লুণ্ঠন চলাইছে আৰু তাৰ এক হাথিয়াৰ হৈছে স্মাৰ্ট মিটাৰ ।”

লগতে পঢ়ক : Massive fire breaks out in Bihali :বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত নগদ ধন আৰু বহু নথি পত্ৰ