Local, Vocal, Global

Union highway blockade in Nellie : নেলীত তিৱা ছাত্ৰ সন্থাৰ ঘাইপথ অৱৰোধ,আৰক্ষীৰে প্ৰতিবাদকাৰীৰ সংঘাত

মৰিগাঁও, ১৯জুন : সোমবাৰে মৰিগাঁও জিলাৰ নেলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হয় । লগতে কিছু সময়ৰ বাবে ঘাইপথটোৰে বাহনৰ চলাচলো স্তব্ধ হৈ পৰে । ইয়াৰ কাৰণ আছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ এক প্ৰতিবাদী কাৰ্যসূচী(Union highway blockade in Nellie) ।

তিৱা স্বায়ত্ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনূসুচীত অতি শীঘ্ৰে অন্তভুৰ্ক্ত কৰা, ৰাজধানী সম্প্ৰসাৰণ বাতিল কৰা, মধ্য অসমত জনজাতি সংৰক্ষিত বিধানসভা সমষ্টি গঠনকে ধৰি বহুকেইটা দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ ছাত্ৰকৰ্মীসকলে ৷ তিৱা মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ সহযোগত তিৱা ছাত্ৰ সন্থাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ এই কাৰ্যসূচী নিয়ন্ত্ৰণৰ বাবে সেই স্থানত উপস্থিত আছিল মৰিগাও আৰক্ষীৰ এটা দল । কিন্তু ইয়াৰ মাজতে লাগিল অথন্তৰ । প্ৰথমে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত লাগে ঠেলাহেঁচা । তাৰ পাছতেই পৰিস্থিতি হৈ পৰে উত্তেজনাময় (Protesters clash with police during Tiwa Students) ।

প্ৰতিবাদস্থলী অধিক উত্তেজনাময় হৈ পৰাত সেই স্থানত উপস্থিত হয়হি জিলা আৰক্ষী অধীক্ষক হেমন্ত দাস । আৰক্ষী অধীক্ষকগৰাকীৰ লগতো সদৌ তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতো লাগিল সংঘাত । অৱশেষত পৰস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানত মোতায়েন কৰিব লগা হয় অৰ্ধসামৰিক বাহিনীৰ দল । ইয়াৰ পিছতে ঘাইপথৰ পৰা প্ৰতিবাদকাৰীক চোঁচৰাই নি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানে আটক কৰে প্ৰতিবাদকাৰীসকলক ।

অৱশ্যে কিছু সময়ৰ পাছতে নিয়ন্ত্ৰণলৈ আহে তিৱা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও তিৱা সংগঠনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ ফলত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ ।

লগতে পঢ়ক :Nazira Murder : পত্নীহত্যাৰ অভিযোগত গ্ৰেপ্তাৰ স্বামী