Local, Vocal, Global

Protest in Sonari : শ্ৰমিকৰ মৃত্যু হ’লে পোৱা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ বি চি এম এচ সভাপতিৰ বিৰুদ্ধে

সোণাৰি, ১৯অক্টোবৰ : সোণাৰিৰ বৰাহি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি । শ্ৰমিকৰ DLI ধন আত্মসাৎ কৰাৰ অভিযোগ বি চি এম এচ সভাপতি শিৱৰাজ লোহাৰ আৰু সুমন ভট্টাচাৰ্য্যৰ বিৰুদ্ধে(Protest in Sonari)।

উল্লেখ্য যে, কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু হ’লে পায় DLI ধন । কিন্তু এই ধনৰ ওপৰত চকু একাংশ দালালৰ । শ্ৰমিকৰ মৃত্যু হ’লে পোৱা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বি চি এম এচ সভাপতি শিৱৰাজ লোহাৰ আৰু সুমন ভট্টাচাৰ্য্যৰ বিৰুদ্ধে।

জানিব পৰা মতে চৰাইদেউ জিলাৰ বৰাহী চাহ বাগিছাৰ বিগত সময়ত বাগিছা খনত কৰ্মৰত অৱস্থাত কেইবা গৰাকীও শ্ৰমিকৰ মৃত্যু হৈছিল। মৃত শ্ৰমিক সকলৰ পৰিয়ালক চৰকাৰৰ পৰা প্ৰদান কৰিছিল একালিন সাহাৰ্য্যৰ

কিন্তু এই ধন মুকলি কৰি দিয়াৰ বাবদ দৰিদ্ৰ শ্ৰমিকৰ পৰিয়ালৰ পৰা বাগিছা খনৰ বি চি এম এচৰ সভাপতি শিৱৰাজ লোহাৰ আৰু সুমন ভট্টাচাৰ্য্য‌ই মিলি দহ হাজাৰকৈ কৈ টকা দাবী কৰিছিল আৰু নিদিলে বলপূৰ্বক ভাৱে লোৱা বুলি অভিযোগ কৰিছে একাংশ লোকে । প্ৰতিটো পৰিয়ালক চৰকাৰৰ পৰা DLI ধন মুকলি কৰি দিয়াৰ বাবদ লৈছিল দহ হাজাৰকৈ টকা ।

এই ঘটনাৰ পাছতে শ্ৰমিক সকল উত্তেজিত হৈ পৰে আৰু বাগিছাৰ কাৰ্য্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। ভুক্তভোগী পৰিয়ালৰলোকে সোনাৰি আৰক্ষী থানাত বি চি এম এচ সভাপতি শিৱৰাজ লোহাৰ আৰু সুমন ভট্টাচাৰ্য্যৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

শ্ৰমিক সংগঠনৰ গয়না লৈ দৰিদ্ৰ শ্ৰমিক পৰিয়ালক সহায়ৰ হাত আগবঢ়োৱা পৰিবৰ্তে দৰিদ্ৰ পৰিয়ালৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ কৰা ঘটনাই বাগিছা খনৰ শ্ৰমিক মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Man jumps off 4th floor Bengaluru cafe to escape blaze : নিজকে জুইৰ পৰা ৰক্ষা কৰিবলৈ ৪মহলীয়া অট্টালিকাৰ পৰা জঁপিয়ালে এজন ব্যক্তিয়ে