Local, Vocal, Global

Protest in Sivasagar : শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ

শিৱসাগৰ, ১৯ আগষ্ট : শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ ৷ অনা অসমীয়া বহিৰাগতৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ ।

আজি ৩০ টা দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকে অনা অসমীয়াৰ দপদপনি অসমত নচলিব বুলি শিৱসাগৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন শ্ল’গ্নান দি প্ৰতিবাদকাৰীয়ে উত্তাল কৰে শিৱসাগৰৰ আকাশ-বতাহ(Protest in Sivasagar) ।

উল্লেখ্য যে, শিৱসাগৰৰ বাবুপট্টিত যোৱা ১৩ আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত বণিয়াই প্ৰহাৰ কৰিছিল ৷ বহিৰাগত বণিয়াৰ প্ৰহাৰত শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল ১৮ বছৰীয়া অসমীয়া পাঞ্জা খেলুৱৈগৰাকী ৷ দলবদ্ধ আক্ৰমণৰ ফলত মূৰ আৰু পেটত গুৰুতভাৱে আঘাত পাইছিল খেলুৱৈগৰাকীয়ে ৷ বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন খেলুৱৈগৰাকী ।

এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক ন্যায় দিয়াৰ দাবীত প্ৰতিবাদত নামি পৰে শিৱসাগৰৰ ৩০ টা দল সংগঠনৰ লগতে সহস্ৰাধিক লোকে ৷ প্ৰতিবাদকাৰীৰ এটাই দাবী, অভিযুক্তই ভৰি ধৰি ক্ষমা খুজিব লাগে ভুক্তভোগী আছাম এনাৰ্জী ইন্সিটিউটত ফায়াৰ এণ্ড চেফটি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীগৰাকীক(Protest in Sivasagar) ৷

লগতে পঢ়ক : Raksha Bandhan 2024 : কলিয়াবৰৰ এক দৃশ্যই মন চুইছে সকলোৰে