Local, Vocal, Global

Protest in Mangaldoi : সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

মঙ্গলদৈ, ৪অক্টোবৰ : মঙ্গলদৈ তীব্ৰ প্ৰতিবাদ । সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কোচ ৰাজবংশীৰ ক্ষোভ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে ।

সাংসদগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে মঙ্গলদৈ ৰামহৰিত দৰং জিলা কোচ ৰাজবংশী যুৱ সন্মিলনীয়ে(Protest in Mangaldoi) ।

উল্লেখ্য যে, দুদিন পূৰ্বে ওদালগুৰিত অনুষ্ঠিত হোৱা এখন বিজেপিৰ দলীয় সভাত কোচ ৰাজবংশী নেতা, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰনৱ নাৰায়ন দেৱক সাংসদ দিলীপ শইকীয়াই কৰিছিল কটু মন্তব্য। এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠে কোচ ৰাজবংশী লোক সকল। তাপ পিছতে প্ৰতিবাদ সাব্যস্তৰ কৰি অতি সোনকালেই ক্ষমা খুজিবলৈ আহ্বান জনায় সাংসদগৰাকীক ।

আনহাতে সমাগম ২৪ৰ লোকসভা নিৰ্বাচনত কোচ ৰাজবংশীৰ নেতা প্ৰনৱ নাৰায়ন দেৱে বিজেপি দলৰ হৈ দৰং ওদালগুৰি সমষ্টিত টিকট বিচাৰিব বুলিও চৰ্চা লাভ কৰিছে। একাংশৰ এই সংঘাতক নিৰ্বাচন কেন্দ্ৰিক সংঘাত বুলিও মন্তব্য আগবঢ়ায়।

লগতে পঢ়ক :corruption in construction of school buildings : বিদ্যালয় নিৰ্মানত ব্যাপক দুৰ্নীতি, ঠিকাদাৰ ফয়জাল হকৰ বিৰুদ্ধে অভিযোগ