Protest in Jagiroad:তেজ দিম, মাটি নিদিও শ্লোগানেৰে জাগীৰোডৰ গোভাত উত্তাল প্ৰতিবাদ
জাগীৰোড,২৭ডিচেম্বৰ : জাগীৰোডৰ গোভাত উত্তাল প্ৰতিবাদ।সদৌ তিৱা ছাত্ৰ সন্থা,কাৰ্বি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজ প্ৰতিবাদ।
তেজ দিম, মাটি নিদিও শ্লোগানেৰে জাগীৰোডৰ গোভাত উত্তাল প্ৰতিবাদ ৷
এইবাৰ জাগীৰোডৰ ঐতিহাসিক গোভাত চৰকাৰৰ চকু ৷ গোভাৰ বিস্তত অঞ্চলৰ প্ৰায় ৬০০ বিঘা ভূমি অধিগ্ৰহণৰ পৰিকল্পনা চৰকাৰৰ ৷ য’ত নিৰ্মাণ হ’ব ভাৰতীয় বায়ু সেনাৰ বিশাল অস্ত্ৰ ভাণ্ডাৰ ৷ তাতেই গৰজি উঠিছে স্থানীয় জনজাতীয় ৰাইজ ৷ পেচাত কৃষিজীৱী এইসকল তিৱা জনজাতীয় লোকৰ একমাত্ৰ ভৰষা এই কৃষিভূমি ৷ ককা আজোককাৰ দিনৰে পৰা এই ভূমিত কৃষিকৰ্ম কৰিয়েই জীৱন যাপন কৰি আহিছে এইসকল লোকে ৷
ইয়াৰোপৰি ট্ৰাইবেল বেল্ট ব্লকৰ অধীনত সংৰক্ষিত এই অঞ্চলত আছে প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য ৷ ইয়াত অৱস্থিত গোভা ৰজাৰ অৰম বিলত প্ৰতি বছৰে জোনবিল মেলাৰ সময়ত অনুষ্ঠিত হয় পৰম্পৰাগত সমূহীয়া মাছ ধৰা পৰ্ব ৷ সেয়ে নিজৰ ভূমি আৰু প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে ৰাইজ ৷ সদৌ তিৱা ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷ নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত কোলাত কেচুৱা লৈ প্ৰতিবাদত অংশ লৈছে বহু জনজাতীয় মহিলাই ৷ হাতে হাতে বিভিন্ন প্ৰতিবাদী শ্লোগানৰ পোষ্টাৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰায় ৫ শতাধিক লোকে(Protest in Jagiroad)৷
সকলোৰে এটাই কথা – তেজ দিম, কিন্তু মাটি নিদিও ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনাইছে সকলোৱে ৷ অন্যথা এই আন্দোনল জংগী কৰি তোলাৰো হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ অৱশ্যে এই প্ৰতিবাদক চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷
লগতে পঢ়ক:Minister Prasanta Phukan visits in Mangaldoi:মঙলদৈত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন