Local, Vocal, Global

Protest in Jagiroad : জাগীৰোডত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ সদৌ তিৱা ছাত্ৰ সন্থাৰ

জাগীৰোড,৫নৱেম্বৰ : জাগীৰোডত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ সদৌ তিৱা ছাত্ৰ সন্থাৰ।

জাগীৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সদৌ তিৱা ছাত্ৰ সন্থা আৰু কেইবাটাও জনজাতীয় সংগঠনৰ ৷ জাগীৰোড টাউন কমিটি গঠনৰ বিৰোধিতা, সংৰক্ষিত ট্ৰাইবেল বেল্ট ব্লক এলেকাত বেদখলকাৰীক উচ্ছেদ কৰা, তিৱা স্বায়ত্ব পৰিষদক ষষ্ঠ অনুসূচীভুক্ত সন্দর্ভত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা আদি কেইবাটাও দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী(Protest in Jagiroad)।

জাগীৰোডৰ মাজমজিয়াত প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে ৷ কিন্তু আৰক্ষী প্ৰশানক বাধা নেওচি পথ অৱৰোধ কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদৰ মাজতে আৰক্ষীৰ লগত হতাহতি সৃষ্টি হয়।

লগতে পঢ়ক :Jamugurihat News: ৰঙাপৰাৰ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নির্মানত ব্যাপক অনিয়ম