protest in front of SBI office :SBIৰ লেংটিছিঙা শাখা কাৰ্যালয়ৰ সন্মুখত গ্ৰাহকৰ প্ৰতিবাদ

অভয়াপুৰী,২৮মাৰ্চ : SBIৰ লেংটিছিঙা শাখা কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিস্থিতি । বেংকৰ শাখা পৰিচালকৰ সৈতে গোপন বুজাবুজিৰে CSPৰ স্বত্বাধিকাৰীৰ ধন লুন্ঠনৰ অভিযোগ
ৰাজ্যিক ঘাইপথ অবৰোধ কৰি ক্ষুদ্ধ গ্ৰাহকৰ প্ৰতিবাদ(protest in front of SBI office) ।
বঙাইগাঁও জিলাৰ লেংটিছিঙাত এচ বি আইৰ শাখা কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। একাংশ ক্ষোভিত গ্ৰাহকে অৱৰোধ কৰিলে ২ নং ৰাজ্যিক ঘাই পথ। লেংটিছিঙা বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ চি এচ পিৰ স্বত্বাধিকাৰী আবু হানিফে গ্ৰাহকৰ প্ৰায় ২.৫ কোটি জমা ধন লৈ পলায়ন কৰাত ব্যাপক হাহাকাৰৰ সৃষ্টি হৈছে চি এচ পি টোৰ গ্ৰাহকৰ মাজত।
ইতিপূৰ্বে বিষয়টো লৈ বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বাতৰি সমপ্ৰচাৰ হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। চি এছ পি টোৰ স্বত্বাধিকাৰী আবু হানিফে লেংটিছিঙা এচ বি আইৰ শাখা পৰিচালকৰ লগত গোপন বুজাবুজিৰে গ্ৰাহকৰ জমাকৃত ধন লৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ ভূক্তোভোগী গ্ৰাহকৰ। আজি শ শ ক্ষুব্ধ গ্ৰাহকে প্ৰায় ১ ঘন্টা ধৰি দুই নং ৰাজ্যিক ঘাই পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি তোলে। পৰৱৰ্তী সময়ত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
লগতে পঢ়ক :Class 9 Student Drowns In Brahmaputra : ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ লুইতত সলিল সমাধি এজন কিশোৰৰ