Local, Vocal, Global

Protest in assam : ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত

নিউজ ডেস্ক,১৯আগষ্ট : শক্তি বিভাগৰ শক্তি বাঢ়িছে। চৰকাৰ আছে শুই। স্মাৰ্ট মিটাৰত জুই । জনতাই বোলে হাই হাই এইয়া কি হ’ল গৈ। বাংলা ভাষাত এষাৰ কথা আছে। আগে আমি যেমনি ছিলাম, তেমনি কৰে দাও।

ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত। চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে(Protest in assam ) ৷

এতিয়া আহক অসমলৈ ঘুৰি।এনেদৰে ৰাজপথত কি মহিলা কি পুৰুষ ওলাই আহিছে। ২৪ ঘন্টা বিজুলী দিয়া বহু দুৰৰে কথা ২ ঘন্টা বিজুলী দি ২৪ ঘন্টা বিজুলীৰ বিল দিব লগা হৈছে জনতাই।

স্মাৰ্ট মিটাৰ লগাই মানুহৰ টকা স্মাৰ্ট ভাৱে সৰকাইছে চৰকাৰখনে। কি ধেমাজি, কি ৰুপহীহাট মুঠৰ ওপৰত এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ। কোনোবাই যদি অসমত এতিয়া কি চলি আছে বুলি প্ৰশ্ন কৰে। তেন্তে আপুনি চকু মুদি কব পাৰিব ।

স্মাৰ্ট মিটাৰৰ নামত লুন্ঠন চলিছে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ লাগে।

লগতে পঢ়ক : Sensational incident: নিৰ্মীয়মান অট্টালিকাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ