Protest Against Smart Meter:স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
ধেমাজী,২১নৱেম্বৰ : শক্তি বিভাগৰ শক্তি বাঢ়িছে। চৰকাৰ আছে শুই। স্মাৰ্ট মিটাৰত জুই । জনতাই বোলে হাই হাই এইয়া কি হ’ল গৈ।
ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত। চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে(Protest in assam ) ৷
এতিয়া আহক অসমলৈ ঘুৰি। ৰাজপথত কি মহিলা কি পুৰুষ ওলাই আহিছে। স্মাৰ্ট মিটাৰ লগাই মানুহৰ টকা স্মাৰ্ট ভাৱে সৰকাইছে চৰকাৰখনে। ৰাজ্যৰ এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ। কোনোবাই যদি অসমত এতিয়া কি চলি আছে বুলি প্ৰশ্ন কৰে। তেন্তে আপুনি চকু মুদি কব পাৰিব ।
স্মাৰ্ট মিটাৰৰ নামত লুন্ঠন চলিছে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ লাগে(Protest Against Smart Meter)।
ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ।
ধেমাজি জিলা বিদ্যুৎ বিভাগৰ সংমণ্ডল কাৰ্য্যলয় সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ, ৰাইজৰ দল, নাৰী মুক্তি আৰু আৰু ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন টোৱে।অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদ কাৰীয়ে ।
অতি সোনকালে স্মাৰক মিটাৰ বন্ধ নকৰিলে ইয়াত জংগী প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰীয়ে।
লগতে পঢ়ক :Deer rescued in Samaguri: চামগুৰি মোৱামাৰীত উদ্ধাৰ হৰিণা পহু