Local, Vocal, Global

Protest Against Smart Meter : ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত;বিলাসীপাৰাত ৰাজপথত শতাধিক পুৰুষ মহিলাৰ প্ৰতিবাদ

বিলাসীপাৰা,২১অক্টোবৰ : শক্তি বিভাগৰ শক্তি বাঢ়িছে। চৰকাৰ আছে শুই। স্মাৰ্ট মিটাৰত জুই । জনতাই বোলে হাই হাই এইয়া কি হ’ল গৈ।

ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত। চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে(Protest in assam ) ৷

এতিয়া আহক অসমলৈ ঘুৰি।এনেদৰে ৰাজপথত কি মহিলা কি পুৰুষ ওলাই আহিছে। ২৪ ঘন্টা বিজুলী দিয়া বহু দুৰৰে কথা ২ ঘন্টা বিজুলী দি ২৪ ঘন্টা বিজুলীৰ বিল দিব লগা হৈছে জনতাই।

স্মাৰ্ট মিটাৰ লগাই মানুহৰ টকা স্মাৰ্ট ভাৱে সৰকাইছে চৰকাৰখনে। ৰাজ্যৰ এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ। কোনোবাই যদি অসমত এতিয়া কি চলি আছে বুলি প্ৰশ্ন কৰে। তেন্তে আপুনি চকু মুদি কব পাৰিব ।

স্মাৰ্ট মিটাৰৰ নামত লুন্ঠন চলিছে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ লাগে(Protest Against Smart Meter)।

ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিলাসীপাৰা উত্তাল প্ৰতিবাদ। এইবাৰ চৰ অঞ্চলত দেখা গ’ল স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ।

স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত ওলাই আহিল বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনত থকা ছুৱাপতা চৰ অঞ্চলৰ পুৰুষ -মহিলা। ছুৱাপতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ শ চৰ অঞ্চলৰ পুৰুষ-মহিলাই প্ৰতিবাদী সাব্যস্ত কৰে।

প্ৰতিবাদস্থলীত বিজেপি চৰকাৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, শক্তি বিভাগ হায় হায়, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা হায় হায়, স্মাৰ্ট মিটাৰ বাতিল কৰক, স্মাৰ্ট ডকাইতি বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অতি শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল নকৰিলে ভয়াবহ আন্দোলনৰ হুংকাৰৰ ছাত্ৰ মুক্তিৰ।

লগতে পঢ়ক :AGP candidate announced in Bongaigaon : জল্পনা-কল্পনাৰ অন্ত ! ঘোষণা বঙাইগাঁৱত অগপ প্ৰাৰ্থীৰ নাম