Protest Against Smart Meter : ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত; ছিপাঝাৰৰ ৰাজপথত ৰাজহুৱা প্ৰতিবাদ
ছিপাঝাৰ,২৪ছেপ্তেম্বৰ : শক্তি বিভাগৰ শক্তি বাঢ়িছে। চৰকাৰ আছে শুই। স্মাৰ্ট মিটাৰত জুই । জনতাই বোলে হাই হাই এইয়া কি হ’ল গৈ।
ৰাজ্যত হাহাকাৰ লাগিছে স্মাৰ্ট মিটাৰ নামত। চাৰিওফালে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে(Protest in assam ) ৷
এতিয়া আহক অসমলৈ ঘুৰি।এনেদৰে ৰাজপথত কি মহিলা কি পুৰুষ ওলাই আহিছে। ২৪ ঘন্টা বিজুলী দিয়া বহু দুৰৰে কথা ২ ঘন্টা বিজুলী দি ২৪ ঘন্টা বিজুলীৰ বিল দিব লগা হৈছে জনতাই।
স্মাৰ্ট মিটাৰ লগাই মানুহৰ টকা স্মাৰ্ট ভাৱে সৰকাইছে চৰকাৰখনে। ৰাজ্যৰ এতিয়া চাৰিওফালে কেৱল প্ৰতিবাদ। কোনোবাই যদি অসমত এতিয়া কি চলি আছে বুলি প্ৰশ্ন কৰে। তেন্তে আপুনি চকু মুদি কব পাৰিব ।
স্মাৰ্ট মিটাৰৰ নামত লুন্ঠন চলিছে। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাক পুৰণি মিটাৰ লাগে।
ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি ছিপাঝাৰৰ ৰাজপথত ৰাজহুৱা প্ৰতিবাদ। ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম গৰীয়া জাতীয় পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছিপাঝাৰ ই-ৰিক্সা সন্থাকে ধৰি দহটাকৈ সংগঠনে সহযোগ কৰে এই প্ৰতিবাদত। স্মাৰ্ট মিটাৰ বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, চৰকাৰৰ শোষণ বন্ধ কৰক আদি ধ্বনিৰে মুখৰ কৰি তোলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ।
লগতে পঢ়ক :Heavy rains and thunderstorms : ধেমাজিৰ ভিন্ন প্ৰান্তত প্ৰৱল ধুমুহা বৰষুণৰ তাণ্ডৱ