Local, Vocal, Global

Protest Against Smart Meter : মৰাণৰ বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল শ শ পুৰুষ-মহিলা

মৰাণ,৮ছেপ্তেম্বৰ : অব্যাহত স্মাৰ্ট মিটাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মৰাণৰ বামুণবাৰীত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল শ শ পুৰুষ-মহিলা ।

৭ টাকৈ জাতীয় সংগঠনৰ লগ হৈ বিক্ষোভ কাৰ্যসূচীৰে ৰাজপথতে অনুষ্ঠিত কৰিলে প্ৰতিবাদী সভা ।

স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে আজি মৰাণৰ বামুণবাৰীত ৰাজপথ কঁ‌পালে শ শ পুৰুষ-মহিলাই । ৭ টাকৈ জাতীয় সংগঠনৰ উদ্যোগত লোৱা এই বিক্ষোভ কাৰ্যসূচীত খিলঞ্জীয়া অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী তোলে প্ৰতিবাদী লোকসকলে(Protest Against Smart Meter) ।

প্ৰতিবাদী লোকসকলে বামুণবাৰী পূজা ফিল্ডৰ পৰা সমদল কৰি বামুণবাৰী তিনিআলিত ৰাজপথতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । প্ৰসৰ ৰ’দকো নেওচি শ শ লোকে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে । খিলঞ্জীয়া অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ৭ টাকৈ সংগঠনৰ কেইবাজনো নেতাই ভাষণ প্ৰদান কৰে । প্ৰায় ২ ঘন্টাৰো অধিক সময় ৰাজপথত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদকাৰী সকলে ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

লগতে পঢ়ক:Former TMC Assam President Ripun Bora Rejoins Congress :পুনৰ কংগ্ৰেছত যোগদান কৰিলে ৰিপুণ বৰাই