Protest Against Smart Meter : মঙলদৈত স্মার্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ
মঙলদৈ,২৮আগষ্ট : মঙলদৈত দৰং স্মার্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব অহা প্ৰতিবাদকাৰীৰ ফালিল বেনাৰ ৷
বিদ্যুৎ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল মঙলদৈ ৷ মঙলদৈৰ দৰং কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰিলে ৷ অসমৰ প্ৰতিঘৰ মানুহক স্মাৰ্ট মিটাৰ সংযোগৰ দ্বাৰা প্ৰতাৰিত কৰিব বিচাৰিছে অসম চৰকাৰে ৷ অসমীয়া মানুহৰ ভোটেৰে মুখ্যমন্ত্ৰী হৈ আকৌ অসমীয়া মানুহৰে তেজ শুহি খাব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৷ অসমীয়া ৰাইজৰ প্ৰতি যদি মৰম দৰদ আছে তেন্তে অনতি বিলম্বে স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰিবলৈ আহ্বান দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ (Protest Against Smart Meter)৷
ৰাজবংশীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদানী গ্ৰুপলৈ ইমান দৰদ কিয় বুলি প্ৰশ্ন কৰে ৷ আদানী গ্ৰুপৰ লাভালাভৰ বাবে অসমীয়া মানুহক পণবন্দী কৰাৰ অভিযোগ দৰং প্ৰদেশ কংগ্ৰেছৰ ৷ প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে হাতে হাতে বিদ্যুৎ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : Protest Against Smart Meter : চাপৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ