Protest Against Smart Meter : চাপৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

চাপৰ,২৮আগষ্ট : চাপৰত উত্তপ্ত পৰিস্থিতি । চাপৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্য্যালয় ঘেৰাও কৰি কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ । প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়ে । আৰক্ষীৰ বাধা প্ৰদানৰ ফলত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ লগতে ঠেলা হেঁচা (Protest Against Smart Meter)।
উল্লেখ্য যে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে অসমটো স্মার্ট মিটাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত হৈ আহিছে । কিন্তু অসমৰ দৰে ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি লগাই আছে স্মার্ট মিটাৰ ।
সমগ্ৰ অসমৰ লগতে চাপৰটো অব্যাহত আছে স্মাৰ্ট মিটাৰ তথা অত্যধিক হাৰত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । চাপৰ-শালকোচা ব্লক কংগ্ৰেছৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী । উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল প্ৰায় ২ শতাধিক কংগ্ৰেছ কৰ্মী(Protest Against Smart Meter)।