Local, Vocal, Global

Protest in Dhemaji: নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে বন্ধ কৰাৰ দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট

ধেমাজি, ২ছেপ্তেম্বৰ : ধেমাজি সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত নামনি সোৱণশিৰীৰ জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰে বন্ধ কৰাৰ দাবীত কাছাৰী ময়দানৰ সমীপত দুই ঘন্টীয়া অৱস্থান( protest against NHPC in Dhemaji) ।

নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ বন্ধৰ দাবীত এইবাৰ প্ৰতিবাদত নামিল জাতীয়তাবাদী যুৱ পৰিষদ ৷ শনিবাৰে ভয়ংকৰ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত প্ৰতিবাদত নামিল অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি ৷ ধেমাজি জিলা সমিতিৰ সহযোগত সংগঠনটোৱে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত ৰূপায়ণ কৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী( protest against NHPC in dhemaji) ৷

প্ৰখৰ ৰ’দকো নেওচি ধৰ্মঘটৰ সময়ত প্ৰতিবাদী কৰ্মীয়ে এন এইচ পি চি বন্ধ কৰক, নিৰ্মাণ কাৰ্য বন্ধ কৰক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায়, NHPC গ’ বেক, বিজেপি চৰকাৰ হায় হায় ইত্যাদি প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে অসম অৰুণাচল সীমান্তৰ গেৰুকামুখত নিৰ্মীয়মাণ ২০০০ মেগাৱট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পটোৰ ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে । NHPC ই অহা ২০২৪ৰ শেষৰ ফালে বিদ্যুত উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । কিন্তু প্ৰতি বছৰে বাৰিষা সময়ত NHPC ত এটাৰ পিছত আনটো ঘটনা সংঘটিত হৈ থকাক লৈ উদ্বিগ্ন হৈ পৰিছে নামনিবাসী ৰাইজ ৷ জীৱন সম্পত্তি নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে ধেমাজিৰ লগতে লখিমপুৰবাসী(Protest in Dhemaji) ৷

অৰুণাচল প্ৰদেশত ১২ খন জলবিদ্যুৎ প্ৰকল্পৰ চুক্তি কেন্দ্ৰ চৰকাৰৰ । ১৭,৭৫৭ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য। অসমে নাপায় ইয়াৰ কোনো লাভৰ অংশ? অসমলৈ বিপদ মাতি আনি এই বান্ধৰ চুক্তি কাৰ বাবে? ১.২৬ লাখ কোটি ব্যয়ৰে ১২ টা নতুন জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব চৰকাৰে । ইয়াক লৈ জাঙুৰ খাই উঠিছে দল সংগঠন