Protest against Cattle Paddler : নগাঁও জিলাৰ ৰজাগাঁৱত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ
নিউজ ডেস্ক,১২ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন।
অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী(Protest against Cattle Paddler)।
নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৰজাগাঁৱত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ।বুধবাৰে নিশা প্ৰায় ৯ মান বজাত কচুৱাৰ দিশৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ দিশলৈ গৈ থকা এখন গৰুভৰ্তি বাহন আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।
তথ্য অনুসৰি,AS02CC8868 নম্বৰৰ জব্দাকৃত বাহন খনত অবৈধভাৱে ১৯ টাকৈ গৰু সৰবৰাহৰ বাবে ৰখা হৈছিল। নগাঁও আৰু কাৰ্বি আংলং জিলাক সংযোগ কৰা কামপুৰ-বৈঠালাংচু সংযোগী পথেৰে মেঘালয়লৈ নিতৌ শ শ গাড়ীৰে অবৈধভাৱে গৰু সৰবৰাহ হয়।
প্ৰশাসনৰ চকুত ধুলি দি এইদৰে গৰু সৰবৰাহ কৰা কাৰ্যত অতিষ্ঠ হৈ পৰিছিল ৰাইজ।সেয়ে ৰজাগাঁওবাসী ৰাইজে গৰু সৰবৰাহ কৰা গাড়ী আৱদ্ধ কৰি প্ৰতিবাদ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে। ইফালে আৰক্ষী পলমকৈ অহাত ৰাইজ ক্ষুন্ন হৈ পৰে। আৰক্ষীয়ে পলমকৈ হ’লেও গৰু ভৰ্তি বাহনখন জব্দ কৰা লগতে চালক আটক কৰি থানালৈ লৈ আহে। ৰাইজে এই ঘটনাৰ উচিত শাস্তিৰ দাবী জনাইছে।
লগতে পঢ়ক :Sumi Borah, Tarkik Borah Arrested : STFৰ জালত চুমি-তাৰ্কিক;ডিব্ৰুগড়লৈ গৈ থাকোঁতেই আটক কৰে দুয়োকে