Local, Vocal, Global

Protest Against CAA and Demand for ILP Implementation in Guwahati : ‘কা’ বাতিল আৰু অসমত আইএলপি প্ৰৱৰ্তনৰ দাবীত গুৱাহাটীত যুৱ-ছাত্ৰ পৰিষদৰ বিশাল গণ অৱস্থান

নিউজ ডেস্ক, ২৯ জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন চমুকৈ” কা” বাতিল আৰু অসমত আন্তঃৰাজ্যিক প্ৰ-পত্ৰ ব্যৱস্থা অৰ্থাৎ আই এল পি প্ৰৱৰ্তনৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গুৱাহাটীৰ চছলত প্ৰায় তিনি হাজাৰ প্ৰতিবাদকাৰীৰ উপস্থিতিত এক বিশাল গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে(Protest Against CAA and Demand for ILP Implementation in Guwahati) ।

কাৰ্যসূচীৰ অন্তত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এক প্ৰেছ বিবৃতিত । প্ৰেছ বিবৃতিত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে কয়, যেনাগৰিকত্ব সংশোধনী আইন বাতিল আৰু অসমত আন্তঃৰাজ্যিক প্ৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এলানি কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আৰু এই কাৰ্যসূচীৰ অংশ হিচাপে আজি ৰাজ্যৰ ৰাজধানী গুৱাহাটীৰ চছলত এই গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে, ভাৰতৰ সংবিধান বিৰোধী, গণতন্ত্ৰৰ পৰিপন্থী আৰু সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পূৰ্বৰ স্থিতিত অটল আছে আৰু যুৱ-ছাত্ৰ পৰিষদে কা বাতিলৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে যুৱ-ছাত্ৰ পৰিষদে কা বাতিলৰ বাবে ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়তো ন্যায়িক যুঁজ অব্যাহত ৰাখিছে।

অন্যহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা অসমত আন্তঃৰাজ্যিক প্ৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই চাৰি দশকৰো অধিক কাল ধৰি সংগ্ৰাম চলাই আহিছে। অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ অবিহনে অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব কেতিয়াও সুৰক্ষিত নহয় এই বিষয়টো ইতিমধ্যে প্ৰতীয়মান হৈছে(Protest Against CAA and Demand for ILP Implementation in Guwahati)।

দেশৰ স্বাধীনতাৰ পিছৰ পৰা হোৱা বিদেশী আৰু বহিঃৰাজ্যৰ বহিৰাগতৰ অবাধ প্ৰবজন আৰু অগ্ৰসনৰ ফলত ইতিমধ্যেই অসমৰ জনগাঁথনিৰ পৰিবৰ্তন হৈ অসমীয়া জাতি বৰ্তমান অস্তিত্বৰ সংকটত উপনীত হৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম লগ্নতে দাবী কৰা দৰে অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হেতেঁন নিশ্চিতভাৱে অদ্যপি অসমীয়া জাতি অসমত সুৰক্ষিত হৈ থাকিল হেতেন।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কা আইন গৃহীত কৰাৰ পিছত অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে।

উল্লেখযোগ্য যে বৃটিছ কালৰে পৰা ইষ্টাৰ্ণ বেংগল ফ্ৰন্টিয়াৰ ৰেগুলেশ্বন এক্ট নামৰ আইনৰ আধাৰত অসমত আংশিকভাৱে বলবৎ হৈ থকা আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কা গৃহীত কৰাৰ পূৰ্বে ২০১৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে মাত্ৰ এখন অধিসূচনাৰ জৰিয়তে বাতিল কৰে।

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়ত ইতিমধ্যে গোচৰ ৰুজু কৰিছে। উচ্চতম ন্যায়ালয়ত দুয়োটা বিষয়ত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ন্যায়িক যুঁজ অব্যাহত থাকিলেও অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসাংবিধানিক কা বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সন্দৰ্ভত জনমত গঠন কৰাৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰায় তিনিহাজাৰ প্ৰতিবাদকাৰীৰ অংশ গ্ৰহণৰে অনুষ্ঠিত হোৱা আজিৰ গণ অৱস্থান কাৰ্যসূচীত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৰ্গৰ লগতে অসমৰ বহু কেইগৰাকী বিশিষ্ট চিন্তাবিদ বুদ্ধিজীৱী উপস্থিত থাকে।

এই সকলৰ ভিতৰত গণ অৱস্থান কাৰ্যসূচীত বিশিষ্ট আইনজীৱী তথা চিন্তাবিদ অধিবক্তা নেকিবুৰ জামান, সাংবাদিক তথা নিবন্ধকাৰ অদীপ কুমাৰ ফুকন, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনীৰাম মালাং, আটছাৰ সহকাৰী সাধাৰণ সম্পাদক সুনীল তিৰ্কী, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশী, তাই আহোম যুৱ পৰিষদৰ উপ-সভাপতি দূৰ্গা কোঁৱৰ, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আদিয়ে বক্তব্য আগবঢ়ায়।

গণ অৱস্থান কাৰ্যসূচীত উপস্থিত থকা সকলো দল সংগঠনৰ নেতৃবৰ্গই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ”কা” বাতিল আৰু অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত কৰা সংগ্ৰামৰ লগতে সামগ্ৰিকভাৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ জাতীয় সংগ্ৰাম খনত সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰে। ইফালে পৰিষদৰ নেতাদ্বয়ে লগতে কয় যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰ খনে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰম শংকিত হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি চছলত ৰূপায়ণ কৰা কাৰ্যসূচী সোণাৰাম হাইস্কুলৰ খেলপথাৰত আয়োজন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থাপনা সম্পূৰ্ণ কৰিছিল।

কিন্তু অতি পৰিতাপৰ বিষয় যে গণ অৱস্থান কাৰ্যসূচীত হাজাৰ হাজাৰ প্ৰতিবাদ কাৰী আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণৰ উমান পাই শেষ মূহুৰ্তত কালি সোণাৰাম খেলপথাৰত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ অনুমতি প্ৰশাসনে বাতিল কৰে।

শেষত এই কাৰ্যসূচী ততাতৈয়াকৈ চচলত আয়োজন কৰিব লগা হয়। এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গণতান্ত্ৰিক আন্দোলনক নস্যাৎ কৰাৰ অভিসন্ধি লগতে জনমত গঠন কৰাত বাধা আৰোপ কৰাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি পৰিষদৰ নেতাদ্বয়ে কয় যে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে যিমানেই ষড়যন্ত্ৰ বা যিমানেই বাধা আৰোপ নকৰক কিয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কা বাতিল আৰু অসমত আই এল পি প্ৰৱৰ্তনৰ দাবীত কৰা সংগ্ৰাম স্থবিৰ নহয়।

এই দুয়োটা দাবীৰে পুনৰ অহা ১২ ফেব্ৰুৱাৰী তাৰিখে যুৱ-ছাত্ৰ পৰিষদে ৫০০ সদস্যৰ অংশগ্ৰহণৰে ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ যন্তৰ মন্তৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰিব বুলি বিবৃতি যোগে পৰিষদৰ নেতাদ্বয়ে সদৰি কৰে।।