Prostitutes Soil Needs in Durga puja : মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? কিদৰে নিৰ্মাণ কৰা হয় প্ৰতিমা?
নিউজ ডেস্ক, ১৬অক্টোবৰ : সমাগত শাৰদীয় দুৰ্গোৎসৱ। মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যেই ধৰাৰ বুকুলৈ ঘোঁৰাৰ পিঠিত উঠি নামি আহিলে দুৰ্গতিনাশিনী মা দুৰ্গা। পূজাৰ প্ৰাকমুহুৰ্তত মৃৎ শিল্পীসকলেও ব্যস্ত হৈ পৰে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাত।
কিন্তু আপোনালোকে জানেনে মা দুৰ্গাৰ অপৰূপ প্ৰতিমাৰ আঁৰত থকা অন্য এক কাহিনী? কিদৰে নিৰ্মাণ কৰা হয় প্ৰতিমা?
দুৰ্গা পূজা বুলি ক’লেই ভক্তগণৰ হৃদয়ত খলকনি উঠাৰ সমান্তৰালকৈ শিল্পালয়তো সৃষ্টি হয় উখল-মাখল পৰিৱেশ। দেৱী মাৰ মূৰ্তিত প্ৰথম পৰশ দিবৰ বাবে ব্যৱহাৰ কৰা হয় বিশেষ মাটি। হিন্দু ৰীতি-নীতি অথবা সমাজত প্ৰচলিত বিশ্বাস অনুসৰি গংগা নদীৰ পাৰৰ মাটি, গৰুৰ গোবৰ, গো-মূত্ৰ আৰু বেশ্যালয়ৰ বাহিৰৰ মাটি ব্যৱহাৰ কৰাটো যথেষ্ট জৰুৰী। কিয়নো ইয়াৰ অবিহনে মূৰ্তি নিৰ্মাণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হৈ ৰয়।
বিশ্বাস আৰু আস্থাৰ স্বৰূপ হিচাপে বন্দনা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰাৰ সময়ত বিভিন্ন ঠাইৰ পৰা মাটি আনি দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা হয়। গংগাৰ পাৰৰ পৰা মাটিসমূহ একত্ৰিত কৰা হয়। একত্ৰিত কৰা মাটিখিনি মিলাবলৈ পূণ্য মাটিৰ প্ৰয়োজন হয়। সেই পূণ্য মাটি বেশ্যালয়ৰ চোতালৰ পৰা সংগ্ৰহ কৰা হয়। বেশ্যালয় যি আমাৰ সমাজৰ নিত্য-নৈমিত্যিক কৰ্মৰ পৰা বহু দুৰৈত। যাক আমাৰ সমাজখনে প্ৰতিখোজতে নিন্দা কৰো। কিন্তু দুৰ্গাপূজাৰ সময়ত প্ৰতিমা বনাওতে প্ৰয়োজন হয় বেশ্যালয়ৰ চোতালৰ সেই পৱিত্ৰ মাটি(Prostitutes Soil Needs in Durga puja)।
উল্লেখযোগ্য যে যিসকল ব্যক্তি দেহ ব্যৱসায় কৰা মহিলাৰ ওচৰলৈ নিজৰ কামনা পূৰণ কৰিবলৈ যায় তেতিয়া দেহ ব্যৱসায় কৰা মহিলাৰ ওচৰতে তথা বেশ্যালয়তে এৰি থৈ আহে পূণ্য আৰু কৰ্ম। যাৰ ফলত বেশ্যালয়ৰ মাটি পূণ্য হৈ পৰে। যাৰ কাৰণে সেই পূণ্য মাটি আনি দেৱী দুৰ্গাৰ মূৰ্তিত ব্যৱহাৰ কৰা হয়। গংগাৰ পৱিত্ৰ পানী আৰু বেশ্যালয়ৰ পৱিত্ৰ মাটি একেলগ কৰি বনোৱা হয় দেৱী দুৰ্গাৰ প্ৰতিমা।
যিসকল কুমাৰে এই প্ৰতিমা বনোৱা কাৰ্যৰ সৈতে জড়িত তেওঁলোকে বেশ্যালয়ত গৈ মহিলাসকলৰ ওচৰত গৈ মিনতি কৰিব লাগে, অন্যথা জোৰ জবৰদস্তি কৰি মাটি আনি সেই মাটি দেৱী দুৰ্গাৰ প্ৰতিমাত ব্যৱহাৰ কৰিলে সেইখিনি মাটিক পূণ্য মাটি হিচাপে গ্ৰহণ কৰা নহয়। বেশ্যালয়ৰ চোতালৰ সেই পূণ্য মাটিক যেতিয়া ভক্তি সহকাৰে এগৰাকী দেহ ব্যৱসায় কৰা মহিলাই কুমাৰৰ হাতত অৰ্পণ কৰিব তেতিয়াহে সেইখিনি পূণ্য মাটি হিচাপে গণ্য কৰা হয়।