Local, Vocal, Global

Prominent Social worker Jivkant Bora passes away : বিশিষ্ট সমাজ সেৱক জীৱকান্ত বৰাৰ দেহাৱসান

নিউজ ডেস্ক,২০আগষ্ট : বিশিষ্ট সমাজ সেৱক জীৱকান্ত বৰাৰ দেহাৱসান । এশ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে বিশিষ্ট সমাজ সেৱকজনক ।

সোমবাৰে বিয়লি ৫-১০ বজাত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় সমাজ সংস্কাৰক,শঙ্কৰী সংস্কৃতিৰ অগাধ পণ্ডিত জীৱকান্ত বৰাৰ।কলিয়াবৰ হাতীগাঁৱৰ নিবাসী তেখেতৰ সৰু পুত্ৰ কলিয়াবৰ মহাবিদ‍্যালয়ৰ প্ৰাক্তন অধ‍্যাপক উৎপল বৰাৰ গৃহতে তেখেতৰ মৃত্যু হয় কৰে ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স ১০০ বছৰ আছিল।তেখেতে দুজন পুত্ৰ এগৰাকী কন্যা সহ কেইবাজনো নাতি-নাতিনীক ইহ সংসাৰত এৰি গৈছে । উল্লেখ্য যে, তেখেতৰ ঘৰ গোলাঘাট জিলাৰ ফৰকাটিংৰ কোচগাঁৱত(Prominent Social worker Jivkant Bora passes away)।

জীৱ কান্ত বৰাই ১৯৭০ চনত কৃতি শিক্ষকৰ বঁটা লাভ কৰিছিল। ইয়াৰোপৰি ১৯৮২ চনৰ পৰা গোলাঘাট আঞ্চলিক পঞ্চায়তৰ দুটা কাৰ্যকালৰ সদস্য, শ্ৰীমন্ত শঙ্কৰদেব সংঘৰ গোলাঘাট জিলাৰ প্ৰাক্তন সভাপতি, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মূলৰ কাৰ্যনিৰ্বাহকৰ সদস্য হিচাপেও কাম কৰিছিল।

লগতে পঢ়ক : Teacher beating students: শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ