Local, Vocal, Global

Jiten Saikia passes away : গোলাঘাট জিলাৰ চিনাতলীৰ বিশিষ্ট ব্যক্তি জিতেন শইকীয়াৰ মৃত্যু

গোলাঘাট,২৬অক্টোবৰ : গোলাঘাটত শোকৰ ছাঁ । গোলাঘাট জিলাৰ চিনাতলীৰ বিশিষ্ট ব্যক্তি জিতেন শইকীয়াৰ মৃত্যু । ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট ব্যক্তিজনে(Prominent figure of Golaghat district, Jiten Saikia passes away) ।

চিনাতলী বৰ নামঘৰ সমাজ পৰিষদৰ প্ৰাক্তন সভাপতি,বৰ্তমানৰ উপদেষ্টা পৰিষদৰ অধ্যক্ষ জিতেন শইকীয়াৰ পৰলোক প্ৰাপ্তিত বৃহত্তৰ অঞ্চলবাসী ম্ৰিয়মাণ ।

গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত বুধবাৰে মৃত্যু হয় বিশিষ্ট ব্যক্তিজনৰ । কৃষি বিভাগৰ কৰ্মচাৰী হিচাপে গোলাঘাটৰ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেওঁ ।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন আছিল জিতেন শইকীয়া । মৃত্যুৰ সময়ত শইকীয়াৰ বয়স আছিল ৬৭ বছৰ(Jiten Saikia passes away ) ।

বৃহস্পতিবাৰে পুৱা নশ্বৰদেহ চিনাতলীৰ বাসগৃহলৈ অনাৰ লগে লগে শ শ ৰাইজে ভিৰ কৰে । বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত জীতেন শইকীয়াক চিনাতলী গাঁৱৰ লগতে গোলাঘাটৰ বিভিন্ন দল-সংগঠন,অনুষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জিতেন শইকীয়াই ঐতিহাসিক চিনাতলী বৰ নামঘৰত ২০১৪ চনৰ পৰা একেৰাহে ৮ বছৰ ধৰি সভাপতি পদ অলংকৃত কৰিছিল । জিতেন শইকীয়াৰ মৃত্যুত সমগ্ৰ চিনাতলী অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক :Assam Popy Hazarika bags gold 37th National Games : ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম জীয়ৰীৰ সাফল্য