Local, Vocal, Global

Private Madrassas in Assam Will be Reduced By 1000 : নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যৰ মাদ্ৰাছাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

নিউজ ডেস্ক, ২জানুৱাৰী : মাদ্ৰাছাসমূহক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যৰ মাদ্ৰাছাক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা(Private Madrassas in Assam Will be Reduced By 1000) ।

শীঘ্ৰেই ৰাজ্যত বন্ধ হব ১০০০ খন মাদ্ৰাছা । ১০০০ খন মাদ্ৰাছাক লৈ বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ । মাদ্ৰাছাক বিদ্যালয়লৈ উন্নীতকৰণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ । মাদ্ৰাছাৰ পৰিৱৰ্তে ৰাজ্যত থাকিব বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় । শীৰ্ঘে চৰকাৰে ব্যক্তিগত মাদ্ৰাছাৰ পৰিচালকৰ সৈতে আলোচনাত মিলিত হ’ব(Working Towards Closing Down 1,000 Private Madrassas: Assam Chief Minister) ।

উল্লেখ্য যে, ৰাজ্যত বৰ্তমান প্ৰায় ৩,০০০ খন মাদ্ৰাছা চলি আছে, কিন্তু ২০২৪ বৰ্ষত ১,০০০খন মাদ্ৰাছা বন্ধ কৰাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে।

নৱবৰ্ষৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীয়ে জনাই যে, “ৰাজ্যত চলি থকা ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাক ভাৰত চৰকাৰে সুৰক্ষা প্ৰদান কৰে। ভাৰতৰ সংবিধান অনুসৰি সংখ্যালঘূৰ শিক্ষা প্ৰতিষ্ঠানক ৰাজ্যক চৰকাৰে একো কৰিব নোৱাৰে। অসম আৰক্ষী-ৰাজ্যৰ শিক্ষা বিভাগে মাদ্ৰাছা বন্ধৰ বাবে ব্যৱস্থা লৈ আছে। আহিব লগা সময়ত ৰাজ্যত বন্ধত হ’ব ১,০০০ খন ব্যক্তিগত খণ্ডৰ মাদ্ৰাছা। আৰু মাদ্ৰাছা চলোৱা প্ৰতিষ্ঠানৰ সৈতে আমি আলোচনাত বহিম। লগতে জনাম যে মাদ্ৰাছাসমূহক মৌলিক আন্তঃগাঁথনি প্ৰদানৰ পৰা বিৰত থাকিম(Private Madrassas in Assam Will be Reduced By 1000)।”

লগতে পঢ়ক : APSC Scam : আজি SIT ৰ জেৰাৰ সন্মুখীন হ’ব নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা