Local, Vocal, Global

Prisoner goes live on Facebook from inside police lock-up : লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ কৰিলে আচামীয়ে

নিউজ ডেস্ক,৩০জুলাই : পুনৰ অসম আৰক্ষীৰ লকআপত সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা। প্ৰায় অসম আৰক্ষীৰ চকুৰ সন্মুখতে এইবাৰ চাঞ্চল্যকৰ ঘটনা । ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী চকীৰ সংঘটিত হোৱা কাণ্ড দেখিলে চকু কপালত উঠিব আপোনাৰ। এইবাৰ লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ কৰিলে আচামীয়ে ।

কেৱল এয়াই নহয় লকআপৰ পৰায়েই তুলসীবাৰী আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হ’ল গ্ৰেপ্তাৰ হোৱা অভিযুক্ত সোণজ্যোতি দাস। লকআপত বন্দী হোৱা সোণজ্যোতি দাসৰ মতে আৰক্ষীয়ে টকা লৈ বিনা দোষতে শাস্তি দিয়া বুলি হয় তেওঁক(Prisoner goes live on Facebook from inside police lock-up in Rangia)।

জানিব পৰা মতে, ৰঙিয়াৰ সমীপৰ তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত মাহতলি গাঁৱত সীমা বিবাদক লৈ সূত্ৰপাত হৈছিল কাজিয়াৰ। পিছত গাঁৱৰ ৰাইজৰ তৎপৰতাত কাজিয়াৰ নিয়ন্ত্ৰণ হয়, কিন্তু সন্ধিয়া তুলসীবাৰী আৰক্ষীয়ে সোণজ্যোতি দাসক গ্ৰেপ্তাৰ কৰি লক আপত ৰাখে। সোণজ্যোতি দাসৰ মতে কাজিয়া সূত্ৰপাত হোৱাৰ সময়ত ঘৰত নাছিল তেওঁ। নিৰ্দোষী হোৱা স্বত্বেও সোণজ্যোতি দাসক গ্ৰেপ্তাৰৰ কৰাৰ অভিযোগ তুলসীবাৰী আৰক্ষীৰ বিৰুদ্ধে। লগতে টকা লোৱাৰে অভিযোগ উত্থাপন কৰে। ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকো অভিযোগ দিয়া বুলি মন্তব্য কৰে ফেচবুক লাইভত।

লকআপৰ ভিতৰত আচামীয়ে ম’বাইল ফোনত ফেচবুক লাইভ অহাক লৈ এতিয়া সৃষ্টি হৈছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া। সৃষ্টি হৈছে প্ৰশ্নৰ ।

লগতে পঢ়ক : Manu Bhaker Creates HISTORY At Paris Olympics 2024 : পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে